বৰপথাৰত বন্ধন বেংকৰ বিত্তীয় সাক্ষৰতা শিবিৰ সম্পন্ন…

বৰপথাৰত বন্ধন বেংকৰ বিত্তীয় সাক্ষৰতা শিবিৰ সম্পন্ন…

ডিজিটেল সংবাদ, সৰুপথাৰ: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া বিত্তীয় সাক্ষৰতা অভিযানৰ লগত সংগতি ৰাখি বৰপথাৰস্থিত বন্ধন বেংকেও বৃহস্পতিবাৰে নগৰখনৰ কল্যাণীপাৰাত থকা ৰাজহুৱা ৰংগমঞ্চত বিত্তীয় সাক্ষৰতা শিবিৰৰ আয়োজন কৰে ৷

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে বৰপথাৰ অমেন গ্ৰিভেন্স চেলৰ সম্পাদিকা মালা বৰাই ৷ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে বৰপথাৰ পৌৰসভাৰ পৌৰপতি শৈলেশ কুমাৰ সিং, সাংবাদিক বেদান্ত ভাৰ্গৱ বৰা, আছু নেতা মিলন কৈৰী ৷ ইয়াৰ পূৰ্বে শিবিৰৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত পুলকজ্যোতি দাসে বক্তব্য ৰাখে ৷

আনহাতে, মূল বিষয়ৰ ওপৰত বিষদভাৱে উপস্থিত ৰাইজৰ আগত সৰুপথাৰ বন্ধন বেংকৰ শাখা পৰিচালক পৰেশ বৰ্মণ আৰু এৰিয়া মেনেজাৰ স্বপ্না বসুমতাৰীয়ে ভাষণ প্ৰদান কৰে ৷ মাইক্ৰ'ফাইনেন্সৰ ওপৰত শেষতীয়াকৈ সৃষ্টি হোৱা অভিযোগ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সাংবাদিক বেদান্ত ভাৰ্গৱে ৰাইজক সজাগ হোৱাৰ লগতে সামৰ্থ্য অনুযায়ী ঋণ লবলৈ আহ্বান জনাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in