শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

বৰপথাৰৰ আনন্দ মেলাত জুৱা, আৰক্ষীয়ে চলালে উচ্ছেদ…

120

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰৰ মাজমজিয়াত অনুষ্ঠিত হৈ থকা আনন্দ মেলাত ব্যাপক হাৰত জুৱাৰ প্ৰয়োভৰ দেখা গৈছে। যাৰবাবে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত বুধবাৰে নিশা বৰপথাৰ আৰক্ষীয়ে জুৱা ঘাটিসমূহত উচ্ছেদ চলাই আৰু জুৱাত ব্যৱহৃত সা-সামগ্ৰীসমূহ জব্দ কৰি নিয়ে।

এটা ৰাজনৈতিক দলৰ দুগৰাকীমান সদস্যই নিষ্ক্ৰিয় সন্থাৰ সাহাৰ্যাথে বুলি মহকুমা প্ৰশাসনৰ পৰা অনুমতি লৈ জুৱাৰ প্ৰয়োভৰ ঘটোৱাত সচেতন লোকৰ চকু কপালত উঠে। চুতীয়া ছাত্ৰ সন্থাৰ কেইবাজনো নেতাই বুধবাৰে এক অভিযোগৰ অনুসন্ধান কৰিবলৈ গৈ ব্যাপক হাৰত জুৱা খেলি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী থানাৰ অচি যোছেফ কেভমৰ নেতৃত্বত অহা আৰক্ষী দলটোয়ে জুৱাৰ আদ্দা উচ্ছেদ কৰে।

দুদিনমানৰ আগতে আৰম্ভ হোৱা আনন্দ মেলাত জুৱাই ব্যাপকতা পোৱাৰ বিষয়টোৱে ৰাইজক চিন্তিত কৰি তুলিছে। আনহাতে, অঞ্চলটোৰ পৰিবেশ বিনষ্ট কৰিব পৰা এনেধৰণৰ ব্যাধিসমূহৰ বিৰুদ্ধে মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল’ব বুলি ৰাইজে আশা প্ৰকাশ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি