নগাঁৱত জব্দ বাৰ্মিজ চুপাৰী, আটক ২

নগাঁৱত জব্দ বাৰ্মিজ চুপাৰী, আটক ২

ডিজিটেল সংবাদ,নগাঁও: ৰাজ্যত চলি আছে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া বেহা। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চুপাৰী চিণ্ডিকেটক কঠোৰ হাতেৰে দমন কৰাৰ নিৰ্দেশ দিয়াৰ পিছতো নিতৌ সৰবৰাহ হৈ আছে বাৰ্মিজ চুপাৰী। চুপাৰী মাফিয়াই নিত্য-নতুন কৌশলৰে সৰবৰাহ কৰিছে বাৰ্মিজ চুপাৰী। এইবাৰ কুৰিয়াৰ ছাৰ্ভিছৰ গাড়ীৰ ভিতৰত ওলাল বস্তাই বস্তাই বাৰ্মিজ চুপাৰী।

কালি নিশা নগাঁৱৰ ননৈৰ ৰাষ্ট্ৰীয় ঘাইপথত এএচ ২৫ চি চি ২৪০২নম্বৰৰ এখন কুৰিয়াৰ ছাৰ্ভিছৰ সামগ্ৰী কঢ়িওৱা বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰী। আৰক্ষীয়ে চুপাৰী চিণ্ডিকেটত জড়িত দুগৰাকী ব্যক্তিকো আটক কৰিছে। মণিপুৰৰ পৰা নগাঁৱলৈ আনি থকা হৈছিল নিষিদ্ধ বাৰ্মিজ চুপাৰীখিনি। বৰ্তমান আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। এই কাৰ্যত ব্যবহাৰ হোৱা গাড়ীখন জব্দ কৰিছে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in