বৰমাৰ ৰাষ্ট্ৰীয় ঘাইপথত হ’ব বিমানৰ জৰুৰী অৱতৰণ…

ডিজিটেল সংবাদ, বাক্সা : বিশ্বৰ বিভিন্ন প্ৰান্তত সচৰাচৰ জৰুৰীকালীন অৱস্থাত ৰাজপথত বিমান অৱতৰণ কৰা দেখিবলৈ পোৱা যায় । জৰুৰীকালীন সময়ৰ বাবে সেই ঠাইৰ ৰাজপথবোৰত বিমান অৱতৰণ কৰিব পৰাকৈ এয়াৰষ্ট্ৰীপ নিৰ্মাণ কৰা হয় ।

ইতিমধ্যে দেশৰ ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, কাশ্মীৰকে ধৰি কেবাখনো ৰাজ্যত এইধৰণৰ এয়াৰষ্ট্ৰীপ নিৰ্মাণ কৰাৰ পিচত এইবাৰ অসমৰ ৰাজপথতো প্ৰথমবাৰৰ বাবে এই সুবিধাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিৰ্মাণ কৰিব ওলাইছে এয়াৰষ্ট্ৰীপ ৷

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিজনী আৰু নলবাৰী শাখাৰ মাজৰ এটা অংশত নিৰ্মাণ হ'বলগীয়া এই বিশেষ পথচোৱাৰ বাবে পথ নিৰ্মাণকাৰী সংস্থাটোৱে ইতিমধ্যে যো-জা আৰম্ভ কৰিছে ৷ ইয়াৰ বাবে অলপতে সংস্থাটোৰ গুৱাহাটীস্থ প্ৰকল্প ৰূপায়ণ শাখাৰ প্ৰবন্ধক তথা পথ সুৰক্ষা বিষয়া কল্যাণ দত্ত স্বাক্ষৰিত মেমো নং NHAI/PIU/GHY/Emergency Landing facilities/2022/22/22147 যোগে বৰমা ৰাজহ চক্ৰ বিষয়ালৈ ৰাজহ চক্ৰটোৰ অন্তৰ্গত কেবাখনো গাঁৱৰ তথ্য বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছে ৷

পত্ৰখনত বৰমাৰ পৰা নাথকুছিৰ মাজত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণ হ'বলগীয়া এই এয়াৰষ্ট্ৰীপৰ বাবে বৰমা ৰাজহ চক্ৰৰ অধীনৰ ছয়খন ৰাজহ গাঁও ক্ৰমে ভোগপুৰ, মূৰমেলা, নিজজুলুকী, বৰমা গাঁও, মাধপুৰ আৰু নাথকুছি গাঁওৰ সবিশেষ বিচাৰি খচৰা মেপ প্ৰস্তুত কৰি জমা দিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰিছে৷

উল্লেখ্য যে বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত পথচোৱাত এয়াৰষ্ট্ৰীপ নিৰ্মাণ হ'লে ভাৰতীয় বায়ুসেনাৰ মাইৰেজ-২০০০, জাগুয়াৰ, চুখয়-৩০ আৰু চুপাৰ হাৰকুলিছৰ দৰে বিমান জৰুৰী অৱস্থাত অৱতৰণ কৰিব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in