বৰক্ষেত্ৰীৰ ঘোগা পঞ্চায়তত শপতগ্ৰহণ অনুষ্ঠান

বৰক্ষেত্ৰীৰ ঘোগা পঞ্চায়তত শপতগ্ৰহণ অনুষ্ঠান

ডিজিটেল সংবাদ, মুকালমুৱাঃ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ৬১ নং ঘোগা গাওঁ পঞ্চায়তৰ নৱ-নিৰ্বাচিত জনপ্ৰতিনিধি সকলে মঙলবাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ৷ জনপ্ৰতিনিধি হিচাবে নিৰ্বাচিত হোৱাৰ পিছত বহু সময় ধৰি অপেক্ষিত হব লগা হৈছিল যদিওঁ আজি অপেক্ষাৰ অন্ত পেলাই অানুষ্ঠানিক ভাৱে শপত গ্ৰহন কৰে ৬১ নং ঘোগা গাওঁ পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভানেত্ৰী ৰিজুমা বেগমকে ধৰি পঞ্চায়তখনৰ ১০ জন সদস্যই ৷ দিনৰ ২ বজাত ৬১ নং ঘোগা গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়তৰ সচিব যতীন কাকতিৰ উপস্থিতিত সভানেত্ৰী ৰিজুমা বেগমকে ধৰি আটাইকেইজন সদস্যই শপত গ্ৰহণ কৰে ৷

প্ৰায় এহেজাৰ ৰাইজৰ উপস্থিতিত সভানেত্ৰী ৰিজুমা বেগমকে ধৰি পঞ্চায়তখনৰ ১০ সদস্যক শপত বাক্য পাঠ কৰায় মুকালমুৱা গড়কপ্তানি বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল শৰ্মাই ৷ উল্লেখ্য যে পঞ্চায়তখনৰ সভানেত্ৰী পদত ৰিজুমা বেগমে ধৰি ৭ সদস্যই কংগ্ৰেছ দ'লৰ পৰা বিজয় সাব্যস্ত কৰে ৷ পঞ্চায়তখমৰ ১০ জন সদস্যৰ ভিতৰত ৬ গৰাকী মহিলা আৰু বাকী ৪ গৰাকী পুৰুষ সদস্য ৷ উক্ত শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকে ঘোগা মণ্ডল কংগ্ৰেছৰ সভাপতি মোস্তাফা আলী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in