বৰক্ষেত্ৰীৰ স্বাধীনতা সংগ্ৰামী আলহাজ জাফৰ আলীৰ দেহাৱসান

বৰক্ষেত্ৰীৰ স্বাধীনতা সংগ্ৰামী আলহাজ জাফৰ আলীৰ দেহাৱসান

ডিজিটেল সংবাদ, বৰক্ষেত্ৰীঃ ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ সময়ত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ পৰা যথেষ্ট ত্যাগ কৰি স্বাধীন ভাৰতৰ ঐন্যতম নেতা সকলৰ সৈতে একেলগে সংগ্ৰাম কৰি দেশে স্বাধীনতা লাভ কৰাত আগভাগ লোৱা আলহাজ জাফৰ আলী আৰু নাই ৷ স্বাধীনতা সংগ্ৰামী আলহাজ জাফৰ আলীয়ে শুকুৰবাৰে ৰামপুৰৰ নিজ বাসভৱনত সন্ধিয়া ৬.৩০ বজাত ১০২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে৷

বিশিষ্ঠ সমাজসেৱক হিচাবে চহকী জাফৰ আলীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে,লগে তেখেতৰ বাসগৃত অগনন গুণমুগ্ধই ভিৰ কৰে ৷ কেৱল এয়াই নহয় আলহাজ জাফৰ আলী এজন সুদক্ষ খৈলুৱৈ হিচাপেও সমাজত প্ৰতিষ্ঠিত ব্যক্তি আছিল ৷ বিগত সময়চোৱাত বৰক্ষেত্ৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত আলহাজ আলীয়ে জড়িত হৈ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছিল ৷ শুক্ৰবাৰে সন্ধিয়াৰ পৰা আলহাজ জাফৰ আলীৰ অন্তিম শয়নত প্ৰণিপাত জনাই কেইবা শতাধিক গুণোমুগ্ধই ৷

আলীৰ মৃত্যুত বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ লগতে বৰক্ষেত্ৰীৰ দল সংগঠন তথা মুকালমুৱা প্ৰেছ ক্লাৱে গভীৰ শোঁক প্ৰকাশ কৰে ৷ মৃত্যুৰ সময়ত আলীয়ে তেওঁৰ পুত্ৰ-বোৱাৰী,কন্যা,নাতি-নাতিনীক এৰি থৈ যায় ৷ শনিবাৰে দিনৰ ১০ বজাত লাৰকুছি মাদ্ৰাছাত কেইবা শতাধিক লোকৰ উপস্থিতিত আলহাজ জাফৰ আলীৰ জানাজা সম্পন্ন হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in