বৰক্ষেত্ৰীৰ পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তীব্ৰ উত্তেজনা, দুটা পক্ষৰ মাজত প্ৰচণ্ড সংঘাত…

বৰক্ষেত্ৰীৰ পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তীব্ৰ উত্তেজনা, দুটা পক্ষৰ মাজত প্ৰচণ্ড সংঘাত…

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিস্থিত পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিদ্যালয়ৰ ছাত্ৰ সকলৰ দুটা পক্ষৰ প্ৰচণ্ড সংঘাতে বিদ্যালয়খনত সৃষ্টি কৰে তীব্ৰ উত্তেজনাৰ ৷ ইমানে নহয় ছাত্ৰ সকলৰ দুয়োপক্ষৰ সংঘাতৰ মাজত এটা পক্ষৰ হৈ বিদ্যালয়ৰ সমীপৱৰ্তী একাংশ উদণ্ড যুৱকে সোমাই প্ৰহাৰ কৰে আনটো পক্ষৰ ছাত্ৰ সকলক ৷

বিদ্যালয়ত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলগীয়া হয় ৷ উল্লেখ্য যে যোৱা সোমবাৰে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায় ৷ তাৰ পিছতে ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক নুৰুল হকে পৰাজিত প্ৰাৰ্থী সকলক উদ্দেশ্যি বিভিন্ন গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ মাজতে বুধবাৰে নৱনিৰ্বাচিত সম্পাদক নুৰুল হকে ছাহজামাল আলী নামৰ ছাত্ৰজনৰ সৈতে প্ৰথমে বাক বিতণ্ডাৰ সৃষ্টি হয় আৰু পিছৰ পৰ্যায়ত দুয়োজনৰে মুকলিকৈ সংঘাত আৰম্ভ হয় ৷

বিদ্যালয় চৌহদৰ ভিতৰত দুয়োজনৰ এনে মুকলি সংঘাতৰ বিষয়ে বিদ্যালয়ৰ শিক্ষক সকলে জানিব পাৰি দুয়োজনক অধ্যক্ষৰ কাৰ্যালয়লৈ মাতি আনি দুযোজনৰ মাজত বুজাবুজি কৰি দি যাবলৈ দিয়ে ৷ কিন্তু ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সম্পাদক নুৰুল হকে বুজাবুজিত অসন্তুষ্টি প্ৰকাশ কৰি বিদ্যালয় ছুটি হোৱাৰ পিছত ছাহজামাল আলী নামৰ ছাত্ৰজনে সংগী সকলৰ সৈতে ঘৰলৈ যাবলৈ ধৰোতেই পুনৰ চৌহদৰ বাহিৰত নুৰুল হকে প্ৰহাৰ কৰে ছাহজামালক ৷

ইয়াৰ পিছতে পূৰ্বেৰে পৰা বিদ্যালয়ৰ চৌহদৰ বাহিৰত খাপ পিতি থকা মহিদুল ইছলাম ওৰফে ফিগ্ৰুসহ এটা চাৰি-পাঁচজনীয়া স্থানীয় যুৱকৰ দলে ছাহজামাল আলীসহ তেওঁৰ সংগীসকলক প্ৰহাৰ কৰে ৷ বিদ্যালয়ৰ চৌহদৰ বাহিৰত ছাত্ৰ কেইজনক সাধাৰণ সম্পাদক নুৰুল হক আৰু ফিগ্ৰুসহ যুৱক কেইজনে প্ৰহাৰ কৰাত ছাত্ৰ কেইজনে প্ৰাণ ৰক্ষাৰ বাবে বিদ্যালয়ৰ চৌহদৰ ভিতৰত দৌৰি আহে যদিও পুনৰ ছাত্ৰ কেইজনক বিদ্যালয়ৰ চৌহদৰ ভিতৰতে অধ্যক্ষ সহ কেইগৰাকী মান শিক্ষকৰ উপস্থিতিত প্ৰহাৰ কৰে স্থানীয় যুৱকৰ দলটিয়ে ৷

সাধাৰণ সম্পাদক নুৰুল হক আৰু স্থানীয় যুৱকৰ দলটিৰ আক্ৰমনত কম বেছি পৰিমানে আহত হয় বিদ্যালয়ৰ ছাত্ৰ ক্ৰমে ছাহজামাল আলী, হুছেইন আলী, মঞ্জুৰ আলী, কৰিম আহমেদ, আজাদুল হক, নুৰুল ইছলাম ৷ ছাহজামাল আলী আৰু ছাত্ৰ কেইজনৰ অভিযোগ বিদ্যালয়ৰ অধ্যক্ষ আবু বক্কাৰ ছিদ্দিকৰ দুৰ্বল ভুমিকা আৰু অকৰ্মন্যতাৰ বাবে বুধবাৰে বিদ্যালয়ৰ চৌহদৰ ভিতৰত অইন যুৱক আহি আমাক প্ৰহাৰ কৰিলে ৷

ভুক্তভোগী ছাত্ৰ সকলে শীঘ্ৰেই মহিদুল ইছলাম ওৰফে ফিগ্ৰু সহ: স্থানীয় যুৱক কেইজনৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনায় অন্যথা ছাত্ৰ সকলে আইনৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে৷ ইপিনে বুধবাৰে ঘটনাটোৰ বাবে বিদ্যালয়ৰ অধ্যক্ষ আবু বক্কাৰ ছিদ্দিক জগৰীয়া বুলি কৈ অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in