পঞ্চায়ত প্ৰতিনিধিৰ ভুলৰ পৰিণাম ভুগিছে বৰক্ষেত্ৰীৰ কুৰিহামাৰীৰ কৃষকে

পঞ্চায়ত প্ৰতিনিধিৰ ভুলৰ পৰিণাম ভুগিছে বৰক্ষেত্ৰীৰ কুৰিহামাৰীৰ কৃষকে

ডিজিটেল সংবাদ, চেঙাঃ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ ৬৫ নং কুৰিহামাৰী বৰচুলিয়া গাঁও পঞ্চায়ত প্ৰতিনিধিৰ এক অবিবেচক সিদ্ধান্তই চৰাঞ্চলৰ কৃষকলৈ বিপদ কঢ়িয়াইছে। পঞ্চায়ত প্ৰতিনিধিৰ মইমতালিৰ বাবেই মূৰে-কপালে হাত দিবলগীয়া হৈছে একাংশ কৃষক। অভিযোগ অনুসৰি কুৰিহামাৰী বৰচুলিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কুৰিহামাৰী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য আলিমুদ্দিনৰ ঘৰৰ পৰা মহুৰুদ্দিনৰ ঘৰলৈকে এম.জি.এনৰেগাৰ অধীনত প্ৰায় দহ লক্ষ টকা ব্যয় সাপেক্ষে এক কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছিল।

স্থানীয় লোকে জানিবলৈ দিয়া মতে দহ লাখ টকাৰ আঁচনিত নিৰ্মাণ কৰা উক্ত ৰাস্তাটো অঞ্চলবাসীৰ বাবে অতি প্ৰয়োজনীয় আছিল যদিও পথটো সঠিকভাৱে নিৰ্মাণ নকৰাৰ অভিযোগ উঠিছে।যাৰ বাবে যাতায়তত দুৰ্ভোগ ভুগীবলগীয়া হৈছে অঞ্চলবাসী। অন্যহাতে ৰাস্তাটোত পানী অহা-যোৱা কৰাৰ কোনো ব্যৱস্থা নথকাত দক্ষিণফালে খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰা কৃষকসকলৰ বিস্তৰ ক্ষতি সাধন হৈছে।

জনপ্ৰতিনিধিৰ ভুল সিদ্ধান্তৰ বাবেই এতিয়া কৃষকৰ বহু বিঘা ধানখেতি, মৰাপাটৰ খেতি বৰষুণৰ পানীত বুৰ গৈছে। ৰাস্তাটোৰ কাৰণে বৰষুণৰ পানী নদ-নদীলৈ বৈ যাব নোৱাৰাত জ্বালা-যন্ত্ৰণাত ভুগিবলগীয়া হৈছে কৃষকসকল।

ৰাস্তাটো নিৰ্মাণ কৰি থাকোঁতে ৰাস্তাৰটোৰ মাজত এটা কালভাৰ্ট দি ৰাস্তাটো নিৰ্মাণ কৰিবলৈ পঞ্চায়তৰ জনপ্ৰতিনিধিক ৰাইজে বাৰম্বাৰ কোৱা সত্বেও সভাপতিজনে কোনো গুৰুত্ব দিয়া নাছিল। যাৰ কুফল ভোগ কৰিবলগীয়া হৈছে কৃষকসকলে। চৰাঞ্চলৰ কৃষকৰ সমস্যা সমাধান কৰাত স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ হস্তক্ষেপ বিচাৰিছে চৰাঞ্চলৰ লোকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in