বুধবাৰে জন্মদিন আছিল, হাইস্কুল শিক্ষান্ত পৰীক্ষাও আধৰুৱা হ’ল! দুৰাৰোগ্য কৰ্কটত আক্ৰান্ত হৈ জীৱন যুদ্ধত হাৰ মানিলে বৰক্ষেত্ৰীৰ বিশালে…

বুধবাৰে জন্মদিন আছিল, হাইস্কুল শিক্ষান্ত পৰীক্ষাও আধৰুৱা হ’ল! দুৰাৰোগ্য কৰ্কটত আক্ৰান্ত হৈ জীৱন যুদ্ধত হাৰ মানিলে বৰক্ষেত্ৰীৰ বিশালে…

ডিজিটেল সংবাদ, চেঙাঃ মৃত্যু চিৰন্তন সত্য৷ ইয়াৰ ওপৰত কাৰোৱে হাত নাই৷ কিন্তু কাৰোবাৰ মৃত্যুৰ খবৰ হৈ পৰে অসহনীয়৷ তেনে এক অকাল মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে বৰক্ষেত্ৰীবাসীক৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ কছুৱা পথাৰৰ প্ৰয়াত কুলধৰ বৰ্মন আৰু বাসন্তী মেধী বৰ্মনৰ একমাত্ৰ পুত্ৰ বিশাল বৰ্মনে দুৰাৰোগ্য কৰ্কট (তেজ) ৰোগত আক্ৰান্ত হৈ সোমবাৰে বিয়লি চিকিৎসাধীন অৱস্থাত অকাল মৃত্যুক সাবটি লয়৷

বৰতলা শংকৰদেৱ শিশু নিকেতনৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল বিশাল বৰ্মনে। দুমাহমান পূৰ্বৰ পৰা মাজে সময়ে জ্বৰত আক্ৰান্ত হোৱাত স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰিছিল বিশাল বৰ্মনক। প্ৰথমতে চিকিৎসাত জ্বৰৰ কাৰণ পোহৰলৈ অহা নাছিল৷ যোৱা ১৮ ফেব্ৰুৱাৰীত বিশাল পুনৰ জ্বৰত আক্ৰান্ত হোৱাত বিশালক নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাত বিশালৰ তেজত দুৰাৰোগ্য কৰ্কট ৰোগ ধৰা পৰিছিল৷

তাৰ পিছত যোৱা ২০ ফেব্ৰুৱাৰীত উন্নত চিকিৎসাৰ বাবে বিশালক গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰিছিল৷ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চাৰিটা দিন চিকিৎসা কৰাৰ পিছত সোমবাৰে বিয়লি ৪ বাজি ৬ মিনিটত নিয়তিৰ ওচৰত হাৰ মানি চিৰদিনৰ বাবে শুই পৰে বিশাল৷

মেধাসম্পন্ন ছাত্ৰজনৰ অকাল বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে জন্মগাঁও কছুৱা আৰু শিক্ষা গ্ৰহণ কৰা বৰতলা গাঁৱত গভীৰ শোকৰ ছাঁ পৰে৷ ছাত্ৰজনক কালি সন্ধিয়াৰ ভাগতে জিএমচিএইচৰ পৰা ঘৰলৈ আনি শেষকৃত সম্পন্ন কৰে৷ ইপিনে মঙলবাৰে বিশালে অধ্যয়ন কৰা বৰতলা শংকৰদেৱ শিশু নিকেতনে পাঠদানৰ পৰা বিৰত থাকি শোকসভা অনুষ্ঠিত কৰে। নিকেতনৰ আচাৰ্য্যসকলে ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

নিকেতনৰ আচাৰ্য্যসকলে জানিবলৈ দিয়া মতে অতি মেধাসম্পন্ন ছাত্ৰজনে ইংৰাজী, সংস্কৃত আৰু সমাজ বিজ্ঞান পৰীক্ষা দি আহি তিনিওটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিব বুলি জানিবলৈ দিছিল আচাৰ্য্যসকলক৷ আনহাতে ছাত্ৰজনৰ বুধবাৰে আছিল ১৬ সংখ্যক ওপজা দিন৷ ওপজা দিনটোত বিশালে মনত পুহি ৰাখিছিল নাৰায়ণ পূজা কৰাৰ সপোন৷ কিন্তু সকলোবোৰ সপোন শেষ কৰি বিশালে গুচি গ'লগৈ অচিন দেশলৈ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in