শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

94

ডিজিটেল সংবাদ, নলবাৰীঃ অসম গণ পৰিষদ দলৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উদ্যোগত আদাবাৰী শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ প্ৰাংগণত সোমবাৰে অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সভাপতি জগদাচৰণ তালুকদাৰে৷ সভাত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ সম্পাদক জ্যোতিষ ঠাকুৰীয়া, কেন্দ্ৰীয় যুৱ পৰিষদৰ সম্পাদক বুবুল কলিতা, বৰক্ষেত্ৰী নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি খগেন মেধি, বৰভাগ জিলা সমষ্টি সমিতিৰ সভাপতি মুকুল ডেকা, বৰক্ষেত্ৰী সমষ্টি সমিতিৰ অগপৰ সদস্য ভৰ্তি অভিযানৰ মুখ্য আহ্বায়ক অমল নাৰায়ণ পাটোৱাৰীসহ বহুতো দলীয় নেতৃত্ব।

সভাত দলীয় বিভিন্ন কাৰ্যসূচীৰ লগতে ছহিদ শুক্লেশ্বৰ কলিতাৰ ভাতৃ তপন কলিতাই ছহিদ তৰ্পণ কৰে। বন্তি প্ৰজ্জ্বলন কৰে বৰক্ষেত্ৰী সমষ্টি নিৰ্বাচন সমিতিৰ সভাপতি খগেন মেধিয়ে। পুৱা ৮ বজাত আয়তীসকলৰ নাম প্ৰসংগৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট হৈ বহু পুৰুষ মহিলাই আঞ্চলিক দলটোত যোগদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি