লকডাউনঃ সংকটত বৰকাপলাৰ ভাই ভাই শালঘৰ বস্ত্ৰ উদ্যোগ, বোৱনীৰ পৰিয়ালৰ মাজত হাহাকাৰ, আৰ্থিক সাহায্যৰ আহ্বান

লকডাউনঃ সংকটত বৰকাপলাৰ ভাই ভাই শালঘৰ বস্ত্ৰ উদ্যোগ, বোৱনীৰ পৰিয়ালৰ মাজত হাহাকাৰ, আৰ্থিক সাহায্যৰ আহ্বান

ডিজিটেল সংবাদ, চেঙাঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ তথা ৰাজ্যত চলি আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। লকডাউনৰ সময়ছোৱাত বিভিন্ন পৰ্যায়ৰ ব্যৱসায় ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। বিশেষকৈ ক্ষুদ্ৰ উদ্যোগসমূহলৈ নামি আহিছে অমানিশা। ক্ষুদ্ৰ উদ্যোগৰ স্বত্বাধিকাৰীৰ লগতে উদ্যোগ সমূহত কৰ্মৰত কৰ্মচাৰী সকলেও সন্মুখীন হৈছে আৰ্থিক সংকটৰ।

বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰকাপলা গাঁৱৰ ধ্ৰুৱ কুমাৰ দাসৰ "ভাই ভাই শালঘৰ" ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগটোলৈও নামি আহিছে ভয়ংকৰ অমানিশা। ধ্ৰুৱ কুমাৰ দাসে বেংকৰ পৰা ঋণ লৈ বাৰ বছৰ পূৰ্বে আৰম্ভ কৰিছিল এই ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগটো।উদ্যোগটোত বিভিন্ন ৰঙৰ পাটৰ কাপোৰ উৎপাদন কৰা হয় বুলি জানিব পৰা গৈছে।

উদ্যোগটোৰ জৰিয়তে ধ্ৰুৱ কুমাৰ দাসে নিজে স্বাৱলম্বী হোৱাৰ লগতে ১৬টা পৰিয়ালকো কৰ্মসংস্থাপন দিছিল উদ্যোগটোত। বৰ্তমানো উদ্যোগটোত ১৬জন লোকে শাল বোৱা কাম কৰে। লকডাউনৰ এই সময়ছোৱাত উদ্যোগটোৰ স্বত্বাধিকাৰীৰ লগতে কৰ্মচাৰীসকলেও আৰ্থিক সংকটত পৰিছে।লকডাউনৰ বাবে সূতা ক্ৰয় কৰাত সমস্যাৰ সন্মুখীন হোৱা বাবে দুমাহে বন্ধ ৰাখিবলগীয়া হৈছে উদ্যোগটোত বস্ত্ৰ উৎপাদনৰ কাম।যাৰ বাবে বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ উদ্যোগটো।

অসম গ্ৰামীণ বিকাশ বেংকৰ বনিয়াকুছি শাখাৰ পৰা প্ৰায় দহ লাখ টকাৰ ঋণ লৈ ব্যৱসায় চলাই আছে ধ্ৰুৱ কুমাৰ দাসে। লকডাউনৰ সময়ছোৱাত বেংকৰ কিস্তিও দিব পৰা নাই দাসে। বৰকাপলাৰ ভাই ভাই শালঘৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগটোলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে উদ্যোগটোত জড়িত বোৱনী(পুৰুষ) সকলকো চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ   অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীলৈ আহ্বান জনাইছে বোৱনীসকলৰ লগতে উদ্যোগটোৰ স্বত্বাধিকাৰী ধ্ৰুৱ কুমাৰ দাসে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in