বৰঝাৰত পিন্ধিব পাৰিব মেখেলা চাদৰঃ অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰে জোঁকাৰিলে আদানী গ্ৰুপক…

বৰঝাৰত পিন্ধিব পাৰিব মেখেলা চাদৰঃ অসমীয়া প্ৰতিদিন ডিজিটেলৰ খবৰে জোঁকাৰিলে আদানী গ্ৰুপক…

ডিজিটেল ডেস্কঃ এক তালিবানী নিৰ্দেশ জাৰি কৰিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ লীজত লোৱা আদানী গ্ৰুপে। বিমান বন্দৰত নিয়োজিত মহিলা আৰু যুৱতী কৰ্মচাৰীয়ে মেখেলা চাদৰ পিন্ধিব নোৱাৰিব বুলি দিয়া এক গোপন নিৰ্দেশ ফাদিল কৰিছিল প্ৰতিদিন গোষ্ঠীয়ে। এই সন্দৰ্ভত সবিস্তাৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেলত প্ৰকাশ পাইছিল খবৰ।

এই খবৰৰ পাছতে বিমান বন্দৰটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰী কৰে যে তেনেকুৱা কোনো নিৰ্দেশনা এতিয়ালৈকে বিমান বন্দৰ কৰ্তৃপক্ষই জাৰি কৰা নাই। বিষয়াজনৰ কথাতেই ওলাই পৰে যে তেনে এক নিৰ্দেশ জাৰি কৰি ইয়াক প্ৰয়োগ কৰিবৰ বাবে সাজু হৈছিল বিমান বন্দৰৰ দায়িত্ব লোৱা আদানী গ্ৰুপে।

প্ৰণাম নামৰ এক সেৱাৰ জৰিয়তে বৰঝাৰ বিমান বন্দৰত জাৰি কৰা এই নিৰ্দেশৰ বিৰুদ্ধে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত খবৰ প্ৰকাশ পোৱাৰ পাছতেই ৰাজ্যৰ বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছিল। অসমত আহি ব্যৱসায় কৰি অসমীয়া সংস্কৃতিক চূড়ান্ত অপমান কৰাৰ বিৰুদ্ধে জাতীয় দল-সংগঠনসমূহে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আদানী গ্ৰুপক সকীয়াই দিছিল।

উল্লেখযোগ্য যে, আদানী গ্ৰুপে মহিলা কৰ্মচাৰীক মেখেলা চাদৰ পিন্ধাত বাধা দিয়াৰ উপৰিও হাতত খাৰু, বিবাহিত মহিলাই আনে দেখাকৈ শিৰত সেন্দুৰ লোৱাটো বাধা নিক্ষেপ আয়োগ কৰিছিল। কেৱল সেয়ে নহয়, মংগলসূত্ৰ পিন্ধিবলৈও বাধা দিয়া হৈছিল এই নিৰ্দেশত। সেই খবৰ প্ৰকাশ পোৱাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যজুৰি সৃষ্টি হৈছিল।

পূৰ্বতেও এক বিজ্ঞাপনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম অতি কৌশলেৰে আদানী বিমান বন্দৰ ৰূপে প্ৰকাশ কৰাত ইয়াক লৈও তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। দ্বিতীয় বাৰৰ বাবে অসমীয়া মহিলাৰ সাজ-পোছাকক এনেদৰে অপমান কৰাৰ পাছত অসমীয়া প্ৰতিদিন গোষ্ঠীয়ে বিষয়টো পোহৰলৈ অনাত আদানী গ্ৰুপে এতিয়া তেনে কোনো নিৰ্দেশ দিয়া নাই বুলি কৈ বিষয়টোৰ পৰা গা এৰা দিব বিচাৰিছে।

উৎপল বৰুৱা নামৰ বিষয়াগৰাকীয়ে বৰঝাৰ বিমান বন্দৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সভ্যতা-সংস্কৃতিক প্ৰতিফলিত কৰিব পৰাকৈ সজাই পৰাই তোলা হ'ব বুলি মন্তব্য কৰে। অৱশ্যে তেওঁ প্ৰণাম নামৰ এই সেৱাৰ আৰম্ভ কৰাৰ কথা স্বীকাৰ কৰি সেই সেৱাৰ সন্দৰ্ভত নিৰ্দেশনা এতিয়াও কোনো কৰ্মচাৰীক দিয়া হোৱা নাই বুলি কয়।

বিষয়াগৰাকীয়ে গা এৰা মন্তব্যৰে বিষয়টো এৰাই চলিলেও আদানী গ্ৰুপে লীজত লোৱা বৰঝাৰ বিমান বন্দৰত অনুৰূপ নিৰ্দেশনা জাৰি কৰিবলৈ প্ৰায় সাজু হৈছিল।অসমীয়া প্ৰতিদিনে এই সন্দৰ্ভত খবৰ প্ৰকাশ কৰাৰ পাছত বৰুৱাই কয়- এই প্ৰণাম সেৱাৰ বাবে ড্ৰেছ ক'ডৰ সন্দৰ্ভত এতিয়ালৈকে কোনো নিৰ্দেশ দিয়া হোৱা নাই। এইখিনিতে প্ৰশ্ন হয়- যদিও প্ৰণাম সেৱা আৰম্ভ হৈছেই তেনেহ'লে এই সেৱাত নিয়োজিত কৰ্মচাৰীৰ বাবে এই অদ্ভূত ড্ৰেছ ক'ডৰ নিৰ্দেশনা দিয়া খবৰটো কেতিয়াও মিছা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in