বৰহোলা শিলডুবিৰ পৰা কুখ্যাত মাফিয়া মুনু হকৰ নেতৃত্ব অব্যাহত নাগালেণ্ডৰ বৃহৎ চোৰাং কয়লাৰ ব্যৱসায়…

বৰহোলা শিলডুবিৰ পৰা  কুখ্যাত মাফিয়া মুনু হকৰ নেতৃত্ব অব্যাহত নাগালেণ্ডৰ বৃহৎ চোৰাং কয়লাৰ  ব্যৱসায়…


ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰ মহকুমা প্ৰশাসনৰ চূড়ান্ত নিলিপ্ততা আৰু পৰিবহন বিভাগৰ বিষয়াৰ দুৰ্নীতিৰ বাবে সম্প্ৰতি অসম নাগালেণ্ড সীমান্ত বৰহোলাৰ শিলডুবিত অবাধ গতিত চলিছে নাগালেণ্ডৰ অবৈধ কয়লাৰ চোৰাং ব্যৱসায় । উল্লেখযোগ্য যে ভাৰতৰ চৰকাৰৰ সেউজ প্ৰধাধিকৰণৰ নিৰ্দেশত নাগালেণ্ড চৰকাৰে ২০১৯ চনৰ পৰা সকলো জিলাৰ অবৈধ কয়লা খনন বন্ধ কৰি দিয়াৰ পাছতো ডিমাপুৰৰ পৰা জলজি এণ্ড মাইনিঙ বিভাগৰ ভুৱা চালানৰ নথি পত্ৰৰে বৰহোলা মুনু হক , চিৰু ডুগ্গ আৰু জনৈক যাদৱৰ নেতৃত্বত চোৰাং কয়লাৰ বেপাৰী কেইটাই ৱাখা জিলাৰ চাংপাঙ বস্তিৰ সমীপৰ শিলডুবিত গঢ়ি তুলিছে দুটাকৈ বৃহৎ কয়লা ডিপো ।

লুঙিটা , চাংপাঙ আৰু মেককুলা নগা বস্তিৰ খনিৰ পৰা দৈনিক হাজাৰ হাজাৰ টন কয়লা বেকাজান আৰক্ষী চকীৰ সন্মুখেদি ট্ৰাকেৰে আনি শিলডুবিত ডিপো কৰাৰ পিছত নিশা পুনৰ বৰহোলা – তিতাবৰ সংযোগী পথেদি গুৱাহাটী আৰু ডিমাপুৰলৈ সৰবৰাহ কৰি আহিছে । চৰকাৰক মাহে মাহে লাখ লাখ টকাৰ কৰ ফাঁকি দিয়া এই চোৰাং কয়লা চক্ৰটোৱে প্ৰতিদিনে যোল্ল চকীয়া ট্ৰেইলাৰে বিশ – পঁচিশ টনকৈ অভাৰ লোড কয়লা সৰবৰাহ কৰি সীমান্তৰ বাট পথ ভাঙি চূৰমাৰ কাৰ্যই শিলডুবিৰ ৰাইজক ক্ষোভিত কৰি তুলিছে ।

এই চোৰাং কয়লাৰ মাফিয়া চক্ৰটোৱে গুৰু গোসাঁইৰ নামানি চলোৱা দৌৰাত্ম ৰোধ কৰিবলৈ বৰহোলা যুৱ ছাত্ৰ পৰিষদৰ যোৱা ৪ ফেব্ৰুৱাৰীত তিতাবৰ ৰাজহচক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো দিনে – নিশাই কয়লা সৰবৰাহ অব্যাহত ৰাখিছে । বৰহোলাৰ কুখ্যাত মাফিয়া মুনু হকে নেতৃত্বত মাফিয়া চক্ৰটোৱে তিতাবৰ প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি পুনৰ অবাধ গতিত চলি কাৰ্যই সম্প্ৰতি তীব্র প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অসমীয়া প্ৰতিদিনৰ চৰজমিন তদন্তত পোহৰ লৈ অহা তথ্য অনুসৰি বৰহোলাৰ কুখ্যাত মাফিয়া মুনু হকে একাংশ আৰক্ষী শীৰ্ষ বিষয়া,শাসকীয় দলৰ ৰাজনৈতিক নেতাৰ সহযোগত মাহে লক্ষাধিক টকা কমিছ দি চৰকাৰক কৰ ফাঁকিৰে নাগালেণ্ডৰ কয়লাৰ বৃহৎ চোৰাং অব্যাহত ৰাখিছে ।

জানিব পৰামতে নাগালেণ্ডত প্ৰতি টন চোৰাং কয়লাৰ মূল্য ৭ হাজাৰ টকা । কিন্তু শিলডুবিত এই চোৰাং কয়লাৰ প্ৰতি টনৰ মূল্য ১২ পৰা ১৫ হাজাৰ টকা । গতিকে কয়লা ব্যৱসায় অতি লাভজনক হোৱাৰ বাবেই প্ৰতি ট্ৰাকত ১০ টন কয়লা সৰবৰাহ বিপৰীতে ৰাজহ ফাঁকিৰে বিশ – পঁচিশ টনকৈ অতিৰিক্ত কয়লা সৰবৰাহ কৰি আহিছে। যাৰ ফলত বেকাজান তিতাবৰ সংযোগী গড় আলি পথটি একেবাৰে বিবধস্ত হৈ পৰিছে । শিলডুবিৰ ৰাইজে অভিযোগ কৰা মতে নাগালেণ্ড সীমান্ত চলি থকা এই চোৰাং কয়লা বেহা যোৰহাট জিলাৰ বিজেপিৰ এগৰাকী শীৰ্ষ নেতাৰ আশীৰ্বাদ আছে ।

যাৰ বাবে তিতাবৰ অসম নাগালেণ্ড সীমান্ত শিলডুবি , বেকাজান আৰু মৰিয়নীত চলি থকা চোৰাং কয়লাৰ মজুতৰ বিৰুদ্ধে দিছপুৰে নিষেধাজ্ঞা জাৰি কৰি থোৱাৰ পিছতো ৰহস্যজনক কাৰণত অবাধ গতিত নাগালেণ্ডৰ কয়লাৰ চোৰাং ব্যৱসায় চলি আছে । ইফালে কয়লা মাফিয়া মুনু হকৰ চোৰাং ব্যৱসায় হাত উজান দিছে একাংশ সাংবাদিক আৰু জাতীয়তাবাদী নেতাই ।

অভিযোগ অনুসৰি এজন ভুৱা সাংবাদিকে দীৰ্ঘদিনৰ পৰা চোৰাং কয়লা আৰু কাঠ বেপাৰীৰ পৰা মাহেকীয়া কমিছন সংগ্ৰহ কৰি আহিছে । অসম – নাগালেণ্ড সীমান্তত চোৰাং কাঠ কয়লা ব্যৱসায়ৰে সামাজিক পৰিবেশ বিনষ্ট কৰা এনে অবৈধ চোৰাং কয়লা বেহা বন্ধ কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in