বৰহোলাৰ সেনা-আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা জয়ন্ত বৰাৰ গৃহত সাংসদ অজিত কুমাৰ ভূঞাসহ গণ মৰ্চাৰ সজাতি দল…

বৰহোলাৰ সেনা-আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা জয়ন্ত বৰাৰ গৃহত সাংসদ অজিত কুমাৰ ভূঞাসহ গণ মৰ্চাৰ সজাতি দল…

ডিজিটেল সংবাদ, বেকাজানঃ জয়ন্ত বৰাৰ  হত্যাকাণ্ডই  ,সৰ্বানন্দ সোনোৱালৰ স্বেচ্ছাৰী তথা একনায়কত্ববাদী চৰকাৰৰ স্বৰূপ উদঙাই দেখুৱাইছে । জয়ন্ত বৰাৰ নি:কিন ঘৰখন আজি চৰকাৰী সন্ত্ৰাসৰ  সাক্ষী হৈ ৰল । কাৰণ যিখন চৰকাৰে জনসাধাৰণক নানা প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল  সেইখন  চৰকাৰে এতিয়া এটাকৈ এটাকৈ জনবিৰোধী ওলোটা কৰিবলৈ আৰম্ভ কৰিছে।  মিছা কথাৰে শাসন চলাই প্ৰতিদিনে গণ বিৰোধী পদক্ষেপ গ্ৰহণ কৰি প্ৰতিবাদ আৰু গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিব খুজিছে ।  আৰু তাৰে শেহতীয়া উদাহৰণ  বৰহোলাৰ জয়ন্ত বৰাৰ হত্যাকাণ্ড । এই বিস্ফোৰক মন্তব্য  ৰাজ্যসভাৰ সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ । 

উল্লেখ্য যে জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ৭১ টা দিন উকলিল যোৱাৰ পিছতো  চৰকাৰে তদন্তৰ প্ৰতিবেদন  ৰাজহুৱা নকৰাৰ পৰিপ্ৰেক্ষিতত  ন্যায় বঞ্চিত  জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ পৰিয়ালটোৰ খবৰ লবলৈ আহি উপস্থিত হয়  শুক্ৰবাৰে ৰাজ্যসভাৰ সাংসদ  তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা   আৰু গণ মৰ্চাৰ মনজিত মহন্ত আৰু মীৰা বৰঠাকুৰৰ নেতৃত্বত এটি সঁজাতি দল ।  

লগে লগে সেনা- আৰক্ষীৰ  জিম্মাত মৃত্যু হোৱা জয়ন্ত বৰাৰ চোতালত ন্যায় দাবী সমিতিৰ উদ্যোগত এখন প্ৰতিবাদী সভা  অনুষ্ঠিত হয় । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিদ্যুত শইকীয়া আঁত ধৰা প্ৰতিবাদী সভাত  ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই আৰু কয় আমি গণতান্ত্ৰিক দেশত বাস কৰো বুলি কওঁ যদিও নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গলে চৰকাৰে যেনেধৰণৰ অত্যাচাৰ নমাই আনে সেই অত্যাচাৰে জনতাক কণ্ঠৰোধ কৰিবলৈ বাধ্য কৰে।

আমি পৰিৱৰ্তন আৰু মৌলিক সমস্যাবোৰৰ সমাধানৰ বাবে চৰকাৰ নিৰ্বাচিত কৰিছিলো কিন্তু  চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত জনগণক প্ৰবঞ্চনা কৰিছে।  বৰহোলাৰ বালিজানৰ জয়ন্ত বৰাৰ এই ঘৰখন  এক সাক্ষী আৰু স্তম্ভ হৈ ৰ'ল  যে ন এজন নীৰিহ যুৱকক  সোনোৱাল চৰকাৰৰ পুলিছে কোনো কাৰণ নোহোৱাকৈ হত্যা কৰিলে। আচলতে চৰকাৰে  'কা ' আন্দোলনৰ মষিমূৰ কৰাৰ উদ্দেশ্যে অসমৰ যুৱচামক ভয় খোৱাৰ বাবে এনেদৰে হত্যাকাণ্ডৰ সংঘটিত কৰিছে ।

কাৰণ চৰকাৰৰ বহু টকা – পইচা থাকিলে এটা বস্তলৈ ভয় কৰে সেয়া হৈছে জনগণৰ ঐক্যবদ্ধ সংগ্ৰাম।  বৰ্তমান চৰকাৰৰ নীতি আদৰ্শক একাংশ আৰক্ষীয়ে ভয় নকৰা হৈছে । কাৰণ চৰকাৰে অপৰাধীক  শাস্তি প্ৰদান কৰিব নোৱাৰে। বৰঞ্চ চৰকাৰে এনে অপৰাধত  অভিযুক্ত একাংশ আৰক্ষীক ট্ৰান্সফাৰ  বা পদোন্নতি দি উৎসাহিত কৰি আহিছে।   সেয়ে  আমি জয়ন্ত বৰাৰ হত্যা ন্যায় লাভ নকৰা পৰ্যন্ত আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব ।

জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ বাবে ন্যায়িক যুজঁৰ বাবে মানৱাধিকাৰ সংগঠনৰ কাষ চপাৰ লগতে আৰু  সংসদৰ মজিয়ালৈ লৈ যোৱা হ'ব ভূঞাই  বুলি কয়।  আনহাতে প্ৰতিবাদ সভাত অসমৰ বিশিষ্ট সাংবাদিক মনজিত মহন্তই কয়- সৰ্বানন্দ সোনোৱাল চৰকাৰখন এখন অলগদ্ধ আৰু অগণতান্ত্ৰিক চৰকাৰ । এই চৰকাৰখনে মানুহক তেওঁলোকৰ মতে উঠা বহা কৰাব খোজে । চৰকাৰৰ  অন্যায়ৰ বিৰুদ্ধে কোনোবাই মাত মাতিলেই  ৰাষ্ট্ৰদ্ৰোহী সজাব খোজে ।  বিজেপিৰ নেগুৰত পৰিণত হোৱা অতুল বৰাই জয়ন্ত বৰাৰ ঘৰত উপস্থিত হৈ ৰাইজৰ দাবী মানি লৈ যি প্ৰতিশ্ৰুতি দিছিল এটাও কাৰ্যকৰী নকৰিলে। চৰকাৰৰ এনে লৰা ধেমালি কোনোপধ্যেই মানি লব নোৱাৰি ।

চৰকাৰে জয়ন্ত বৰাৰ হত্যাৰ ছয় লাখ টকাৰ ক্ষতিপূৰণ দি নিজৰ দায়িত্ব সামৰিব খুজিছে।  জয়ন্তৰ দৰে এজন উঠি অহা যুৱকৰ মূল্য কেতিয়াও ছয় লাখ টকা হ'ব নোৱাৰে । কিন্তু চৰকাৰে এই কথা কিয় নাভাবিলে তেওঁলোকে নিৰ্দোষি ল'ৰা এটা হত্যা কৰিছে । জয়ন্ত বৰাৰ ন্যায় লাভ নকৰালৈকে আমি সদায় মাতৃ লীলা বৰাৰ সৈতে আইনী যুজঁত আছো ।  সভাত বলিষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে কয় যে মুখ্যমন্ত্ৰীৰ চকীৰ বাবে টনা অজোৰা ব্যস্ত থকাৰ বাবে  সৰ্বানন্দ সোনোৱাল  নাজানো যে তেওঁৰ নামত ৰাজ্যত দ্বিতীয় মন্ত্ৰী শাসন চলাইছে ।

সৰ্বানন্দ সোনোৱাল চৰকাৰ শাসনত থকাৰ সময়তে যেতিয়া কেন্দ্ৰই অশান্ত অঞ্চল ঘোষণা কৰিছে  তেওঁ সন্মানীয় হৈ থকাৰ সময়তে পদত্যাগ কৰা ভাল । সভাত জয়ন্ত বৰা হত্যাকাণ্ড ন্যায় দাবী সমন্বয় সমিতিৰ অন্যতম আহ্বায়ক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে জয়ন্ত বৰাৰ হত্যাৰ ন্যায়ৰ দাবীত অব্যাহত ৰখা সংগ্ৰাম আৰু চৰকাৰৰ দোষীক ৰক্ষণাবেক্ষণৰ মাজৰ যুজঁখন আজি জয়ন্ত বৰাৰ বাসগৃহত সাংসদ অজিত ভূঞা, স্পষ্টবাদী নেত্ৰী মীৰা বৰঠাকুৰ আৰু বিশিষ্ট সাংবাদিক মঞ্জিত মহন্তৰ উপস্থিতিয়ে অধিক শক্তিশালী কৰিব । আমি উৎসাহিত যে দুৰ্ভগীয়া মাতৃৰ কাষত থিয় হৈ অজিত ভূঞা ডাঙৰীয়াই এই সংগ্ৰামখনক সংসদৰ মজিয়ালৈ লৈ যোৱা , অসমজুৰি জনমত গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

এতিয়াৰে পৰা জয়ন্ত বৰা হত্যাকাণ্ডৰ ন্যায়ৰ দাবীৰে চলি থকা সংগ্ৰাম খন কেৱল ঐক্যবদ্ধই নহয়, ৯০ দশকৰ গুপ্তহত্যাৰ ন্যায় বিচাৰি গঢ়ি তোলা প্ৰবল মানৱ অধিকাৰ সংগ্ৰামৰ অগ্ৰণী নেতাগৰাকীৰ অংশগ্ৰহনৰ পিছত উচ্চ ন্যায়ালয়ৰ জৰিয়তে আইনী যুঁজ, প্ৰয়োজনত ভূমিপুত্ৰক হত্যাৰ বিৰুদ্ধে ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰ সংস্থাৰ কাষ চপাৰ বাবে  সহায়ক হব । আজিৰ প্ৰতিবাদী সভাত বিভিন্ন জাতীয়  দল -সংগঠন ক্ৰমে   ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিদ্যুত শইকীয়া  ,প্ৰচাৰ সম্পাদক কাশ্যপ নন্দ কলিতা, কৃষক মুক্তিৰ প্ৰমোদ গগৈ, নিতুল শইকীয়া , ৰাজীৱ চুতীয়া, চুতীয়া ছাত্র সন্থাৰ অংশুমান শইকীয়া , যুৱক ছাত্র পৰিষদৰ মিলন গগৈ ন্যায় সমিতিৰ নৰেন বৰা  উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in