বৰহোলাৰ অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ ১৮ দিনে নাই কোনো শুংসূত্ৰ…

বৰহোলাৰ অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ ১৮ দিনে নাই কোনো শুংসূত্ৰ…

ডিজিটেল সংবাদ,বেকাজান : অ'এনজিচিৰ লাকুৱাস্থিত জি জি এছৰ এটা ৰীগত কর্মৰত অৱস্থাত থকাৰ সময়তে যোৱা ২০ এপ্রিলৰ দিনা আলফা স্বাধীনৰ এটা পাঁচজনীয়া সশস্ত্ৰ দলে অপহৰণ কৰি বৰহোলা নাঙল গাঁৱৰ ৰিতুল শইকীয়াক আজি ১৭ দিন উকলি যোৱাৰ পাছতো কোনো সন্ধান নাই ।

তিনি কৰ্মচাৰীৰ ভিতৰত দুজন মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ইতিমধ্যে অসম ৰাইফলছ আৰু সেনাৰ যুটীয়া সহযোগত নাগালেণ্ডৰ মন জিলাৰ ইণ্ডো ম্যানমাৰ সীমান্তত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যদিও আজিও ৰিতুল শইকীয়াৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা বিষয়টোৱে অদ্যপি পৰিয়ালক প্ৰতিনিয় শংকিত আৰু উদিগ্ন কৰি ৰাখিছে ।

বিগত এপষেক ধৰি ৰিতুলৰ অসুস্থ বৃদ্ধ পিতৃ মাতৃ আৰু পত্নীয়ে প্ৰতিটো দিন চৰম অনিশ্চয়তাৰে পাৰ কৰিছে । পৰিয়ালৰ এতিয়া এটাই মাথো প্ৰশ্ন ৰিতুল জীৱিত আছে নে ? কিয়নো আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই ৰিতুল শইকীয়াক আলফাই নিজৰ লগত ৰখা নাই বুলি কৌশলপূৰ্ণ মন্তব্য কৰিছিল । আলফাৰ এনে মন্তব্যৰ পিছত ৰিতুল জীৱিত আছে নে নাই তাক লৈ ধুঁৱলি- কুঁৱলীৰ পৰিবেশৰ সৃষ্টি হৈছে।

আনহাতে সেনায়ে ৰিতুল অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰিবলৈ আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে চলোৱা যৌথ উদ্ধাৰ অভিযানৰ পিছত কোনো স্পষ্টীকৰণ দিয়া নাই ৰিতুল শইকীয়াৰ সন্দৰ্ভত । ফলত ৰিতুলৰ অৱস্থিতিৰ সন্দৰ্ভত কেতবোৰ প্ৰশ্ন আৰু সন্দেহৰ উদ্বেগৰ সৃষ্টি কৰিছে । ৰাজ্যত কোৰোণাৰ মহামাৰীৰ ভয়ংকৰ সংক্ৰমণ নির্বাচনী ফলাফলৰ ব্যস্ততাৰ মাজতে ৰিতুলৰ প্ৰসংগই ক'ৰবাত হেৰাই যোৱা বুলি প্ৰশ্ন উত্থাপন হৈছে ।

বিশেষকৈ বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰশাসনে বিষয়টোত শিথিলতাত প্ৰদৰ্শন কৰাক লৈ পুনৰ ৰহস্যময় হৈ পৰিছে। বৰহোলাৰ বাৰটাকৈ জাতীয় দল সংগঠনে চৰকাৰ আৰু অ 'এন জি চিৰ শেহতীয়া কি পদক্ষেপ গ্ৰহণ কৰিছে তাক জানিব খুজিছে । ৰাইজৰ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ প্ৰশ্ন কৰি কৈছে যে খিলঞ্জীয়া যুৱকক অপহৰণ কৰি যি স্বাধীন অসমৰ সপোন দেখিছে সেয়া জাতিটোৰ বাবে চৰম দুৰ্ভাগ্যজনক ।

পৰেশ বৰুৱাই বৃদ্ধ অসুস্থ মাতৃৰ ক্ৰন্দন কেতিয়াকৈ অনুভৱ কৰিবলৈ সক্ষম হ'ব । ইফালে ৰিতুল শইকীয়াৰ সন্দৰ্ভত শীঘ্ৰে অসমৰ ৰাইজক জনাবলৈ সেনা আৰু আলফা স্বাধীনৰ প্ৰতি বিভিন্ন প্ৰান্তৰ পৰা দাবী কৰাৰ লগতে সংগ্ৰামী জাতীয় যুৱ, অসম কেন্দ্ৰীয় সমিতিৰ নেতা ধ্ৰুৱ বৰুৱা আৰু আটাছুৰ নেতা বসন্ত গগৈয়ে কয় যে অনতিপলমে সেনা, আলফাই এই বিষয়ত স্পষ্টীকৰণ দিয়ক আৰু আলফা স্বাধীনক এনেকৈয়ে ভৱিষ্যতে অসমীয়া যুৱকক অপহৰণ কৰা কাৰ্যৰ পৰা বিৰত থাকবলৈ আহবান জনাইছে । ইফালে সেনা- চোৰাংচোৱাই ৰিতুলক আলফাই গোপন পথেৰে ম্যানমাৰ ছাগাইঙি উপত্যকালৈ এন এছ চি এন কেৰ সহায়ত লৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in