বঢ়মপুৰত ভোটগ্ৰহণত বিসংগতিৰ অভিযোগ, পুনৰ ভোটগ্ৰহণৰ দাবী

বঢ়মপুৰত ভোটগ্ৰহণত বিসংগতিৰ অভিযোগ, পুনৰ ভোটগ্ৰহণৰ দাবী

ডিজিটেল সংবাদ, বঢ়মপুৰঃ বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷ এই ভোটগ্ৰহণত ঠায়ে ঠায়ে বিসংগতি ধরা পৰাত ইতিমধ্যে তেনে ভোটকেন্দ্ৰ সমূহত পুনৰ ভোট গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচনী আয়োগে৷ বুধবাৰে বঢ়মপুৰ সমষ্টিৰ অধীনৰ কঠিয়াতলী কৃষ্ণাদেৱী প্ৰাথমিক বিদ্যালয়ত থকা পূৱ উপবৰ কেন্দ্ৰতো ভোটগ্ৰহণৰ বিসংগতিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বুধবাৰে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কালত ভোট দিয়াৰ সময় সীমা উকলি যোৱাৰ পিছত ভিতৰত সোমাই থকা একাংশ বিজেপিৰ ভোটাৰক কুপন দি বাকী ভোটাৰক কুপন নিদিয়াৰ অভিযোগ উত্থাপন কৰি একাংশ ভোটাৰ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

ইফালে অন্তিম পৰ্যায়ত বিজেপি প্ৰাৰ্থীক ভিতৰত সোমোৱাই মহিলা আৰক্ষীৰ দ্বাৰা বেলট পেপাৰ সামৰা আৰু হেণ্ডিমেনৰ হাতেৰে বেলট বাকচ গাড়ীত উঠোৱাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ভোটকেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in