কলিয়াবৰত অনুষ্ঠিত বৰগীত প্ৰতিযোগিতাত যোৰহাটৰ মৌচুমী দত্তই লাভ কৰে প্ৰথম স্থান

কলিয়াবৰত অনুষ্ঠিত বৰগীত প্ৰতিযোগিতাত যোৰহাটৰ মৌচুমী দত্তই লাভ কৰে প্ৰথম স্থান

ডিজিটেল সংবাদ, কলিয়াবৰঃ মহাপুৰুষ শংকৰ-মাধৱৰ অমৰ সৃষ্টি বৰগীতৰ ৰাগ-তালৰ ভিন্নতাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ এক প্ৰচেষ্টাৰ অংশ স্বৰূপে কলিয়াবৰত সম্পন্ন হ'ল সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা। হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ উদ্যোগত তথা  হাটবৰ কেন্দ্ৰীয় নাট্য সমাজৰ প্ৰেক্ষাগৃহত শনিবাৰে পুৱাৰ পৰা নিশা আঠবজা পৰ্যন্ত অনুষ্ঠিত হয় প্ৰতিযোগিতাখন।

অসমৰ বিভিন্ন প্ৰান্তৰ ত্ৰিশগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত। সদৌ অসম ভিত্তিত অনুষ্ঠিত প্ৰতিযোগিতাত যোৰহাটৰ মৌচুমী দত্তই প্ৰথম স্থান, নগাওঁ জাজৰিৰ মৌচুমী শইকীয়াই দ্বিতীয় স্থান, জামুগুৰিহাটৰ প্ৰাঞ্জু বাৰুতীয়ে তৃতীয় আৰু কৃষ্ণাজ্যোতি মহন্তই চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাৰ সঞ্চালকৰ আসন অলংকৃত কৰে বিশিষ্টা শিল্পী দূৰ্গাময়ী বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in