পুনৰ পৃথক বৰাকৰ প্ৰসংগঃ শিক্ষা সংসদৰ বৈঠকত বাঙালী আৰু বৰাকৰ ছাত্ৰ সংগঠনক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়া…

পুনৰ পৃথক বৰাকৰ প্ৰসংগঃ শিক্ষা সংসদৰ বৈঠকত বাঙালী আৰু বৰাকৰ ছাত্ৰ সংগঠনক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ শিলছৰঃ গুৱাহাটীৰ কাহিলীপাৰাত ৰাজ্যখনৰ শিক্ষা পৰিস্থিতি সন্দৰ্ভত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰৰ অধ্যক্ষতাত ৩০ আগষ্টত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়।এই বৈঠকত আছুকে ধৰি মুঠ ৩৪ টা সংগঠনক সভাত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল যদিও বাঙালী আৰু বৰাকক প্ৰতিনিধিত্ব কৰা কোনো সংগঠনকে এই সভালৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল। যাৰ বাবে সমগ্ৰ বৰাক উপত্যকাতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। উপত্যকাটোৰ বৰাক ডেমক্ৰেটিক য়ুথ ফ্ৰণ্টে শিক্ষা বিভাগৰ এনে সিদ্ধান্তৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক সংবাদ মেলৰ জৰিয়তে সংগঠনটোৰ মুখ্য আহ্বায়ক কল্পৰ্ণব গুপ্তাই কয় যে, চৰকাৰে সভালৈ মাতি অনা সংগঠনসমূহ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পাহাৰীয়া অঞ্চলৰ। সভালৈ নিমন্ত্ৰণ নোপোৱাকৈ এটাও জাতীয়, জনজাতীয় সংগঠন নাই। কেৱল বাঙালী আৰু বৰাক উপত্যকাৰ সংগঠনবোৰহে এই সভাৰ পৰা বাদ পৰিছিল। লগেত তেওঁ কয় যে, চৰকাৰে এই ৰাজ্যখনত বাঙালীসকলক কেৱল ভোট বেংক বুলিহে ভাৱে, মানুহ বুলি যে নাভাবে তাৰ ডাঙৰ প্ৰমাণ কি হ'ব পাৰে? অন্যথা তেওঁলোকে ৰাজ্যখনৰ সকলো জাতি আৰু জনজাতিক মনত ৰাখে, কিন্তু ৰাজ্যখনৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ কথা পাহৰি যায়, এনে হ'ব নোৱাৰে। তেওঁ কয়,এই সকলোবোৰৰ পিছতো কিছুমান বাঙালীয়েই চৰকাৰৰ সৈতে হাত মিলাই থকাটো দুৰ্ভাগ্যজনক।

কল্পৰ্ণৱে লগতে কয় যে, বাঙালী আৰু বৰাকৰ প্ৰতিনিধিসকলক আগতে বহুবাৰ গুৰুত্বপূৰ্ণ সভালৈ মাতি হোৱা নাই, যাৰ প্ৰতিবাদ বৰাক উপত্যকাৰ 'আকসা'কে ধৰি বিভিন্ন ছাত্ৰ সংগঠনে কৰিছিল আৰু তাৰ পিছত শিক্ষা মন্ত্ৰীয়ে আশ্বাস দিছিল যে তেওঁ এই বিষয়টো ভৱিষ্যতে পুনৰাবৃত্তি নহ'ব। শেহতীয়া বৈঠকৰ পিছত এইটো স্পষ্ট হৈছে যে এয়া কাৰো সিদ্ধান্ত নহয়। ই সমগ্ৰ চৰকাৰৰ সামূহিক সিদ্ধান্ত আছিল। গতিকে তেওঁৰ একো কৰাৰ কোনো ক্ষমতা নাই। তেওঁ কয় যে, দিছপুৰলৈ যি চৰকাৰ আহে সেই চৰকাৰৰ অতি-জাতীয়তাবাদী এজেণ্ডা সলনি নহয় তাৰ ই এক জ্বলন্ত প্ৰমাণ।

সন্থাৰ আন দুজন আহ্বায়ক ইকবাল নাছিম চৌধুৰী আৰু দেৱৰাজ দাস গুপ্তাই কয় যে, চৰকাৰৰ সিদ্ধান্তই প্ৰমাণ কৰে যে বৰাকৰ ছাত্ৰ-ছাত্ৰীৰ কোনো মতামত নাই। তেওঁলোকে কয়, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'ব নে নাই সেই সিদ্ধান্ত ল'বলৈ বৰাকৰ পৰা কাকো মাতি অনা হোৱা নাছিল। এনেকুৱা লাগিছে যে চৰকাৰে বৰাকক অসমৰ অংশ বুলি গণ্য নকৰে। তেওঁলোকৰ মন্তব্য যদি সেয়াই হয় তেনে বৰাকক এনেদৰে অপমান কৰাৰ সলনি অসমৰ পৰা পৃথক কৰাটো যুক্তিসঙ্গত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in