প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত বেনাৰ-পোষ্টাৰে সৃষ্টি কৰিছে কদৰ্যময় পৰিৱেশ, পৰিস্কাৰ কৰিবলৈ ওলাই আহিল এজন প্ৰাৰ্থী

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত বেনাৰ-পোষ্টাৰে সৃষ্টি কৰিছে কদৰ্যময় পৰিৱেশ, পৰিস্কাৰ কৰিবলৈ ওলাই আহিল এজন প্ৰাৰ্থী

ডিজিটেল সংবাদ, নগাঁওঃ অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ৷ ৰাজ্যৰ ১৬খন জিলা আৰু ১১টা মহকুমাত মঙলবাৰে অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতে গ্ৰাম্যাঞ্চলত প্ৰাৰ্থী আৰু সমৰ্থক সকলো এতিয়া ব্যস্ত হৈ পৰিছে অংক কৰাত। হৈ যোৱা নিৰ্বাচনত কোন জিকিব কোন হাৰিব তাৰ হিচাপ নিকাচত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক নেতা-প্ৰাৰ্থী আৰু সমৰ্থকসকল৷

কিন্তু ইয়াৰ বিপৰিতে গাঁও সমূহত দেখা গৈছে এক ভিন্ন ছবি। ছবিখনত প্ৰতিফলিত হৈছে গাঁৱৰ কৰ্দয্য ৰূপ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লাইটৰ খুটা, পকী ৱাল, ৰাস্তাই ঘাটে প্ৰচাৰৰ বাবে আঁৰি থোৱা প্ৰাৰ্থীৰ নিৰ্বাচনী বেনাৰ, পোষ্টাৰে এতিয়া আৱৰ্জনাৰ সৃষ্টি কৰিছে সকলোতে৷ নিৰ্বাচনৰ পিছত অকামিলা হৈ পৰা তেনে বেনাৰ, পোষ্টাৰ সমূহে এতিয়া কদৰ্য ৰূপ ধাৰণ কৰি গাঁও, চহৰৰ সৌন্দৰ্য লোপ কৰা পৰিলক্ষিত হৈছে৷

তেনে এক সময়তে নগাঁৱৰ এটি ৱাৰ্ডৰ এজন প্ৰাৰ্থী আৰু সমৰ্থক ওলাই আহিছে গাঁও পৰিস্কাৰ কৰিবলৈ। প্ৰাৰ্থীজন হৈছে ১০২নং উৰিয়াগাঁও পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী জয়ন্ত বৰা। বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰাৰ্থীজনৰ আহ্বানত একাংশ যুৱক, মহিলাই সকলো ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰ জেওৰা, গছ, বিদ্যুতৰ খুটা আদিৰ পৰা আঁতৰাই পৰিস্কাৰ কৰি এক নিদৰ্শন দাঙি ধৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in