মোডীৰ বেংক ব্যক্তিগতকৰণঃ জাঙুৰ খাই উঠিছে ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নচ…

মোডীৰ বেংক ব্যক্তিগতকৰণঃ জাঙুৰ খাই উঠিছে ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নচ…

ডিজিটেল ডেস্কঃ কেন্দ্ৰত শাসনাধিস্থ মোডী চৰকাৰে এটা এটাকৈ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণ কৰি দেশৰ এমুঠি মাত্ৰ পুঁজিপতিৰ হাতত দেশৰ সকলো সম্পদ গতাই দিয়াৰ পৰিকল্পনা অব্যাহত ৰাখিছে। ইতিমধ্যে মোডী চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে দেশৰ বিৰোধী ৰাজনৈতিক দলৰ লগতে বিভিন্ন দল সংগৰঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই প্ৰতিবাদক আওকান কৰিও মোডী চৰকাৰে এফালৰ পৰা পুঁজিপতিক গতাই গৈছে ৰাজহুৱা অনুষ্ঠান।

অতি শেহতীয়াকৈ মোডী চৰকাৰে গ্ৰীষ্মকালীন অধিৱেশত গৃহীত কৰা ৩ বিতৰ্কিত কৃষি আইন শীতকালীন অধিৱেশনৰ আৰম্ভণিতে বাতিল কৰিবলৈ বাধ্য হৈছিল। পুঁজিপতিৰ হাতত দেশৰ কৃষি খণ্ডৰ নিয়ন্ত্ৰণ গতাই দিবলৈ পৰিকল্পনা কৰি গৃহীত কৰা ৩ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি কৃষকে তীব্ৰ ৰূপত আন্দোলন কৰিছিল।

কিন্তু কেৱল পুঁজিপতিৰ স্বাৰ্থতে বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা মোডী চৰকাৰে কৃষি আইন আৰু ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ পৰাও কোনো শিক্ষা গ্ৰহণ নকৰিলে। তাৰেই যেন প্ৰকাশ বেংকিং আইনৰ সংশোধনী বিল ২০২১।মোডী চৰকাৰে শীতকালীন অধিৱেশনৰ মাজতেই সংসদত গৃহীত কৰিব বেংকিং আইন সংশোধনী বিল ২০২১। ইতিমধ্যে এই আইন গৃহীত কৰিবলৈ মোডী চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে বেংকিং আইন সংশোধনী বিল গৃহীত কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে ইউনাইটেড ফ'ৰাম অফ বেংক ইউনিয়নচ (UFBU)। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা বেংকসমূহ বেচৰকাৰীকৰণৰ পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ইউনাইটেড ফ'ৰাম অফ বেংক ইউনিয়নে ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজহুৱা বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংস্থাটোৱে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।

অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচন (AIBOC)ৰ সাধাৰণ সম্পাদক সঞ্জয় দাসে কয় যে ৰাজহুৱা খণ্ডৰ বেংক বেচৰকাৰীকৰণে অৰ্থনীতিৰ অগ্ৰাধিকাৰ খণ্ডসমূহক আঘাত কৰিব আৰু লগতে স্ব-সহায়ক গোট আৰু গ্ৰাম্য অৰ্থনীতিলৈ ঋণ প্ৰবাহত ক্ষতি কৰিব।

অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ'চিয়েশ্যনৰ (AIBEA) সাধাৰণ সম্পাদক চি এইচ ভেংকটাচলমে কয় যে, যোৱা ২৫ বছৰ ধৰি ইউনাইটেড ফ'ৰাম অফ বেংক ইউনিয়নচৰ বেনাৰত "আমি বেংকিং সংস্কাৰৰ নীতিৰ বিৰোধিতা কৰি আহিছো। এই বেংকিং সংস্কাৰৰ নীতিৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ বেংকসমূহক দুৰ্বল কৰাৰ লক্ষ্য কৰা হৈছে"।

ইফালে কৃষক নেতা ৰাকেশ টিকাইটে টুইটাৰযোগে কয় যে তেওঁলোকে পূৰ্বেই নাগৰিকসকলক সতৰ্ক কৰি দিছিল যে মোডী চৰকাৰৰ পৰৱৰ্তী লক্ষ্য হ'ব বেংক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in