শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

৩ দিনৰ বাবে অচল হৈ পৰিব বেংক সেৱা! এতিয়াই কৰি লওঁক নিজৰ সকলো কাম…

6,391

ডিজিটেল ডেস্কঃ দেশজুৰি ৩দিনৰ বাবে অচল হৈ পৰিব বেংক সেৱা। ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিব ৰাষ্ট্ৰজোৰা বেংক ধৰ্মঘট। ঠিক তেনেদৰে ২ ফেব্ৰুৱাৰীত দেওবাৰে হোৱাৰ বাবে বেংক বন্ধ থাকিব। ভাৰতীয় বেংক এছ’চিয়েশ্যনৰ সৈতে হোৱা আলোচনা বিফল হোৱাৰ পিছতে এই ধৰ্মঘটৰ সিদ্ধান্ত লয় ইউনিয়নে। উল্লেখ্য যে, বিগত মাহৰ ৮ জানুৱাৰীতো বেংক এম্প্লয়িজ ইউনিয়নে পালন কৰিছিল ধৰ্মঘট কাৰ্যসূচী।

এই বন্ধৰ সময়চোৱাত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব পাৰে সাধাৰণ ৰাইজৰ লগতে চৰকাৰো। কাৰণ ৩১ জানুৱাৰীত অৰ্থনৈতিক পিয়ল হোৱাৰ লগতে ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয় বাৰৰ বাবে দাখিল কৰিব বাজেট। অৱশ্যে ফেব্ৰুৱাৰী এক তাৰিখ মাহটোৰ প্ৰথম শনিবাৰ হোৱাৰ বাবে বাণিজ্যিক বেংকসমূহ খোলা ৰখাৰ সম্ভাৱনা আছে। ইফালে বাজেট দাখিল কৰাৰ বাবে ষ্টক এক্সেঞ্জসমূহো খোলা ৰাখিব বুলি জানিব পৰা গৈছে।

ইউনাইটেড ফৰাম অৱ বেংক ইউনিয়নৰ সৈতে যোৱা সোমবাৰে ভাৰতীয় বেংক এছ’চিয়েশ্যনৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত ইউনিয়নৰ তৰফৰ পৰা আন কেবাটাও দাবীৰ লগতে বিভিন্ন সা-সুবিধা বৃদ্ধি, প্ৰতি সপ্তাহত ৫ দিনলৈ কাৰ্যালয়ৰ কাম কৰাৰ দিন হ্ৰাস কৰাৰ বাবেও দাবী তুলিছিল। সফল নহ’ল এই বৈঠক। যাৰ বাবে ধৰ্মঘটৰ সিদ্ধান্ত লোৱা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি