জানুৱাৰীত ১৬ দিনেই বন্ধ থাকিব বেংক…

জানুৱাৰীত ১৬ দিনেই বন্ধ থাকিব বেংক…

ডিজিটেল ডেস্কঃ নতুন বছৰৰ প্ৰথমটো মাহত আপোনাৰ বেংকৰ লগত জড়িত কাম-কাজৰ কিবা পৰিকল্পনা আছেনেকি? যদি তেনে কিবা পৰিকল্পনা আছে তেনে মনত ৰাখিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কথা। নতুন বছৰৰ প্ৰথমটো মাহত মুঠ ১৬ দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা। ইয়াৰ ভিতৰত অৱশ্যে সপ্তাহৰ দ্বিতীয়, চতুৰ্থ শনিবাৰ আৰু দেওবাৰ অন্তুৰ্ভুক্ত হৈ আছে।

জানুৱাৰীত মাহত মুঠ ৭ টা সপ্তাহিক বন্ধৰ উপৰিও আন বহুকেইটা দিনত বেংক সেৱা বন্ধ খাকিব। বিভিন্ন ৰাজ্যত ৰাজ্যিক বন্ধ পালন কৰাৰ উপৰিও বহু বেংকেই ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ বাবে বন্ধ পালন কৰিব যদিও আন বহু বংকে গণতন্ত্ৰ দিৱসত বন্ধ পালন নকৰে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰা বন্ধৰ তালিকা অনুসৰি, আগৰতলা, ভূপাল, ভূৱনেশ্বৰ, চণ্ডিগড়, গুৱাহাটী, কোচি আৰু শ্ৰীনগৰৰ বেংকসমূহে গণতন্ত্ৰ দিৱসত বন্ধ পালন নকৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে তিনিটা শ্ৰেণীৰ অধীনত বন্ধৰ দিনবোৰ শ্ৰেণীবদ্ধ কৰিছে – নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট আইনৰ অধীনত বন্ধৰ দিন; নেগোচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট আৰু ৰিয়েল-টাইম গ্ৰছ ছেটেলমেণ্ট হলিডেৰ অধীনত বন্ধ আৰু বেংক একাউণ্ট বন্ধ কৰা।

জানুৱাৰীৰ ১ তাৰিখে কেৱল আইজল, চেন্নাই, গেংটক আৰু শ্বিলঙৰ বেংকবোৰে বন্ধ পালন কৰিব। সোমবাৰে, ৩ জানুৱাৰীত আইজল আৰু গেংটকৰ বেংকবোৰ নৱবৰ্ষ উদযাপন বা লোচুং উপলক্ষে বন্ধ থাকিব। লোচুং উদযাপন কৰিবলৈ কেৱল গেংটকৰ বেংকসমূহ ৪ জানুৱাৰী ২০২২ তাৰিখে বন্ধ থাকিব। আইজলৰ বেংকসমূহে ১১ জানুৱাৰীত বন্ধ পালন কৰিব। আনহাতে স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে কলকাতাৰ বেংকসমূহ ১২ জানুৱাৰীত বন্ধ থাকিব।

আহমেদাবাদ আৰু চেন্নাইৰ বেংকসমূহ মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে বন্ধ থাকিব। আনহাতে বেংগালুৰু, চেন্নাই, গেংটক আৰু হায়দৰাবাদৰ বেংকসমূহে উত্তৰায়ানা পুনিয়াকালা মকৰ সংক্ৰান্তি উৎসৱ/মাঘে সংক্ৰান্তি/সংক্ৰান্তি/পোংগল/থিৰুভাল্লুভাৰ দিৱস উপলক্ষে ১৫ জানুৱাৰীত বন্ধ পালন কৰিব। থাই পুচাম উপলক্ষে কেৱল চেন্নাইৰ বেংকসমূহ ১৮ জানুৱাৰীত বন্ধ থাকিব।

আনহাতে ২, ৯, ২৩ আৰু ৩০ জানুৱাৰী দেওবাৰ উপলক্ষে সপ্তাহিক বন্ধ আৰু ৮ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু ২২ জানুৱাৰী চতুৰ্থ শনিবাৰ উপলক্ষে বেংৰসমূহ সকলো ৰাজ্যতে বন্ধ থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in