এছ বি আই কৰ্মচাৰীৰ ধন লুট, ১৭ মাহত চুৰি ৮৪ লাখ টকা মূল্যৰ ১০টকীয়া মুদ্ৰা…

এছ বি আই কৰ্মচাৰীৰ ধন লুট,  ১৭ মাহত চুৰি ৮৪ লাখ টকা মূল্যৰ ১০টকীয়া মুদ্ৰা…

ডিজিটেল ডেস্কঃ ১৭মাহত ৮৪লাখ টকা চুৰি। শুনিবলৈ নিশ্চয় আচৰিত লাগিছে। কিন্তু এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগত। কলকাতাৰ পৰা ৮২ কিলো মিটাৰ দূৰৈত অৱস্থিত মেমাৰিৰ এছবিআই শাখাৰ পৰা তাৰক জেইছৱাল নামৰ এগৰাকী ছিনিয়ৰ এছিছটেন্ট মেনেজাৰে চুৰি কৰিলে ৮৪ লাখ টকাৰ ১০টকীয়া মুদ্ৰা।

এই ১৭টা মাহত দুৰ্নীতিগ্ৰস্ত বেংক বিষয়াগৰাকীয়ে ৮,৪০,০০টকা চুৰি কৰে। সেই অনুসৰি প্ৰতিটো মাহত ৫০,০০০ টকা বা প্ৰতিটো দিনত ২০০০টকাকৈ চুৰি কৰিছিল এই বিষয়াগৰাকীয়ে। আৰু অতি তাৎপৰ্যৰ কথা যে চুৰি কৰা সকলো ধন ১০টকীয়া মুদ্ৰা।

উল্লেখ্য যে, তাৰক জেইছৱালে ইয়াৰ পূৰ্বৰ ৮ বছৰৰ কৰ্মজীৱনত কেতিয়াও কোনো দুৰ্নীতিৰে জড়িত নাছিল। কিন্তু এই ধন চুৰিৰ আঁৰত আছিল অন্য এক কাৰণ। লটাৰী টিকট ক্ৰয় কৰি নিজৰ ভাগ্য পৰীক্ষা কৰাটো যেন এক প্ৰকাৰৰ নিচাত পৰিণত হৈছিল বিষয়াগৰাকীৰ। ইফালে, চলিত বৰ্ষৰ নবেম্বৰৰ মাহৰ পৰা বিষয়াগৰাকীয়ে আৰু অধিক ধন চুৰি কৰিবলৈ সক্ষম নহ'ল। কাৰণ নবেম্বৰ মাহৰ ২৭ তাৰিখে বছৰেকীয়া অডিট প্ৰস্তুত কৰাৰ সময়ত ধৰা পৰিল এই চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা। যোৱা ১৭ মাহে চলাই থকা এই চুৰিকাৰ্যৰ কথা আহিল পোহৰলৈ। শুকুৰবাৰে এই বিষয়াগৰাকীক আৰক্ষীয়ে আটক কৰে। তাৰপাছত শনিবাৰে অঞ্চলটোৰে এখন ন্যায়ালয়ে বিষয়াজনক সোধপোছৰ বাবে আৰক্ষীৰ জিম্মালৈ পঠিয়াই।

ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া ভাস্কৰ মুখাৰ্জীয়ে কয়- 'জেইছৱালে স্বীকাৰ কৰি নিজৰ চুৰিকাৰ্যৰ কথা লগতে এই সকলো ধন লটাৰী টিকটৰ নাম খৰচ কৰা বুলিও কৈছে।'

জানিব পৰা মতে, হিচাপ পৰীক্ষকে বেংকৰ ধনৰ হিচাপ-নিকাচবোৰ কৰিছিল ২৯ নবেম্বৰত। আৰু এই হিচাপত জমাধনৰ ক্ষেত্ৰত বহু বৃহৎ পৰিমাণৰ ধনৰ পাৰ্থক্য দেখিবলৈ পাইছিল। ইফালে, সেই দিনকেইটাতেই কোনো ছুটীৰ আৱেদন জমা নিদিয়াকৈয়ে বেংকলৈ অহা নাছিল জেইছৱাল। তাৰপাছতেই বেংক কৰ্তৃপক্ষই ধনৰ এই পাৰ্থক্যৰ কাৰক হিচাপে সন্দেহ কৰে তেওঁক।

আৰক্ষী বিষয়া মুখাৰ্জীয়ে লগতে কয়- 'সোধ-পোছৰ সময়ত জেইছৱালে স্বীকাৰ কৰে যে, তেওঁ জানিছিল এদিন নহয় এদিন এই সমগ্ৰ ঘটনা পোহৰলৈ আহিব। কিন্তু তাৰপাছতো লটাৰী টিকট কিনাটো এক প্ৰকাৰৰ নিচাত পৰিণত হোৱাৰ ফলত তেওঁ নিজকে নিজে এই চুৰি কৰাৰ পৰা দূৰ কৰিব নোৱাৰিলে। ইয়াৰোপৰি আমি তদন্ত চলাই আছো যে, কেনেকৈ জেইছৱালে এই ধন বেংকৰ পৰা ওলালে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in