দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু…

দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ এহাল বৃদ্ধ দম্পত্তি সুদুৰ বাংলাদেশৰ পৰা দেশ ভ্ৰমণৰ বাবে ভাৰতলৈ আহি এমাহৰ মুৰত এজন লোক বৰপেটাত মৃত্যু মুখত পৰা ঘটনাই বৰেপটাস্থিত লোকজনৰ আত্মীয়-স্বজনৰ মাজত গভীৰ শোকৰ ছা পৰাৰ লগতে বিদেশী নাগৰিক জনক বাংলাদেশলৈ উভতাই পঠাবলৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে ব্যৱস্থা হাতত লৈছে ।

উল্লেখযোগ্য যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা এলেকাৰ চৰ শোলমাৰী এলেকাৰ কলেজপাৰা ৩ নং ওৱাৰ্ডৰ বাসিন্ধা মহাম্মদ মিঞা চান্দ নামৰ ৭৭ বছৰীয়া লোক জন তেওৰ পত্নী জয় ভানু (৪২)ৰ সৈতে দেশ ভ্ৰমণৰ বাবে ভাৰতলৈ আহে । যোৱা ১৬ ছেপ্টেম্বৰ তাৰিখে অসমৰ মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তৰে ভিছা যোগে ভাৰতলৈ প্ৰবেশ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাত এদিন থকাৰ পাছত বৰপেটা জিলাত থকা আত্মীয়ৰ ঘৰলৈ গৈ দুয়ো আশ্ৰয় লয় ।

জিলাখনৰ বিভিন্ন স্থানত ভ্ৰমন কৰাৰ পাছত যোৱা ১৩ অক্টোৱৰ তাৰিখে লোকজন বৰপেটা জিলাৰ দাতেৰগুৰী গাঁৱৰ সৰবেশ আলীৰ ঘৰত নিশাৰ আহাৰ গ্ৰহন কৰি টোপনীত যোৱাৰ পূৰ্বে নিশা প্ৰায় ১২ বজাত উচ্চ ৰক্তচাপৰ ফলত অসুস্থ হৈ পৰে। ইয়াৰ পাছতে লোকজনক ততাতৈয়াকৈ হাস্পাতালত ভৰ্তি কৰা হয় যদিও বৰপেটা চিকিতসকে লোকজনক মৃত বুলি ঘোষণা কৰে।

ঘটনাৰ পাছতে লোকজনৰ লগত অহা পত্নী তথা বৰপেটাস্থিত আত্মীয়-স্বজনৰ মাজত গভীৰ শোকৰ ছা পৰে। ইফালে ঘটনাটো লোকজনৰ আত্মীয়ই আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ কাষত প্ৰেৰণ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে মৃত লোকজনৰ লগতে তেওৰ পত্নীৰ ভিছা পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তত থকা সাহাপাৰা গেটৰ মাজেৰে বাংলাদেশলৈ উভতাই পঠাই দিয়া হয়।

জানিব পৰা মতে লোকজনৰ বাংলাদেশৰ পুত্ৰ তথা আত্মীয় সীমান্তৰ কাইটীয়া তাৰৰ সিপাৰে পুৱাৰ পৰাই মৃত পিতৃৰ বাবে ৰৈ থাকে। দেশৰ নিৰাপত্তাৰ স্বাৰ্থত চৰকাৰে নিৰ্মাণ কৰা কাইটীয়া তাৰৰ বেৰৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দুৰত পিতৃৰ মৃতদেহ পৰি থকাৰ পাছতো পুত্ৰ তথা আত্মীয়ই মৃত পিতৃৰ কাষত আহিব নোৱাৰি হ্ৰদয় ভাগি যোৱা পৰিলক্ষিত হৈছে যদিও অৱশেষত বিয়লিৰ ভাগত মৃতদেহটি আন্তৰাষ্ট্ৰীয় গেট পাৰ কৰি পুত্ৰৰ হাতত চমজাই দিয়াৰ পাছত সীমান্তৰ সীপাৰে শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in