মাৰ্ঘেৰিটাৰ মন্দিৰত বৌদ্ধ ভিক্ষুৰ ৰূপত সন্দেহযুক্ত বাংলাদেশী…

মাৰ্ঘেৰিটাৰ মন্দিৰত বৌদ্ধ ভিক্ষুৰ ৰূপত সন্দেহযুক্ত বাংলাদেশী…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ উজনি অসমৰ বিভিন্ন ঠাইত সন্দেহ যুক্ত বিদেশীৰ অনুপ্ৰবেশ ঘটাৰ গুৰুতৰ অভিযোগ উঠিছে। এইবাৰ সন্দেহযুক্ত বাংলাদেশীৰ চকু পবিত্ৰ বৌদ্ধ ভিক্ষুৰ বৌদ্ধ মন্দিৰত৷ ধৰ্মীয় প্ৰচাৰকৰ ৰূপে আত্মপ্ৰকাশ ঘটাই উজনিৰ বহু কেইটা বৌদ্ধ মন্দিৰত এতিয়া সন্দেহযুক্ত বাংলাদেশীয়ে আশ্ৰয় লোৱাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে৷

শেহতীয়াকৈ মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চল সন্দেহযুক্ত বাংলাদেশীৰ ৰম্য ভূমি হৈ পৰাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে মাৰ্ঘেৰিটা মহকুমাৰ বৌদ্ধ ভিক্ষুৰ মন্দিৰ সমূহক একাংশ বিদেশী অনুপ্ৰৱেশকাৰীয়ে নিজৰ আশ্ৰয় স্থল ৰূপে ব্যৱহাৰ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।স্থানীৰ বৌদ্ধ ভিক্ষু সকলক তীব্ৰ প্ৰৱঞ্চনাৰে এচাম বিদেশী অনুপ্ৰবেশকাৰীয়ে নিজকে বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ ৰূপে পৰিচয় কৰাত এতিয়া উঠি পৰি লগা কথা সৰ্বত্ৰে চৰ্চা চলিছে ৷

উত্থাপিত অভিযোগ মতে, এটা সময়ৰ মাৰ্ঘেৰিটাত কাৰ্য নিৰ্বাহ কৰি যোৱা তদানীন্তন এজন চক্ৰ বিষয়াৰ ছত্ৰছায়াতে মহকুমাটোৰ বিভিন্ন স্থানত অবৈধ বাংলাদেশীয়ে খুপনি পোতাৰ তথ্য সেই সময়ত পোহৰলৈ আহিছিল। তৎস্বত্বেও কিন্তু মহকুমা তথা জিলা প্ৰশাসন এই ক্ষেত্ৰত নিৰ্বিকাৰ হৈ থাকিল। ইয়াৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰিলে মাৰ্ঘেৰিটাৰ সভাই সমিতিয়ে আগস্থান দখল কৰি সমাজ কৰ্মী ভাও দিয়া তথাকথিত কেইজন মান বাংলাদেশী ৰক্ষকে।

শেহতীয়াকৈ মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন তথা আৰক্ষী কয়লাৰ চোৰাং বেহাৰ লগতে কাঠ, শিলকে ধৰি অন্যান্য চোৰাং বেহাৰত হিচাপ নিকাছত ব্যস্ত থকাৰ সময়তে মাৰ্ঘেৰিটাত বৌদ্ধ বিহাৰত খুপনি পুতিলেহি অবৈধ বাংলাদেশীয়ে। সমগ্ৰ ঘটনাৰ তথ্য উদঙাইছে জ্ঞানদা ভিক্ষু নামৰ এজন ব্যক্তিয়ে।

আৰক্ষী প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিছে জ্ঞানদা ভিক্ষু নামৰ এজন ব্যক্তিয়ে।দিপাঙ্কৰ ভিক্ষু নামৰ এজন ব্যক্তিৰ সম্পৰ্কে তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ কাষ চাপিছে বৌদ্ধ ভিক্ষু গৰাকীয়ে৷

তাৎপৰ্যপূৰ্ণ কথা যে, এই অভিযোগৰ পিছতেই ৰহস্যজনক ভাৱে নোহোৱা হয় দিপাঙ্কৰ ভিক্ষু নামৰ ব্যক্তিজন ৷ ইপিনে সমগ্ৰ ঘটনাক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in