স্বাস্থ্যৰ অৱনতি ঘটিছে ট্ৰী মেনৰ

স্বাস্থ্যৰ অৱনতি ঘটিছে ট্ৰী মেনৰ

ডিজিটেল ডেস্কঃ বাংলাদেশৰ ট্ৰী মেন আখ্যা পোৱা আবুল বজন্দৰৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছে৷ তেওঁৰ হাত আৰু ভৰিয়ে পূৰ্বৰ দৰে পুনৰ গছৰ আকৃতি ধাৰণ কৰিবলৈ লোৱাত আকৌ এটা অস্ত্ৰোপ্ৰচাৰৰ কৰিব লাগিব বুলি চিকিৎসকসকলে মত প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, ২০১৬ চনৰ পৰা আবুল বজন্দৰৰ এই অসুবিধা দূৰ কৰিবৰ বাবে ২৫ টা অস্ত্ৰোপ্ৰচাৰ কৰা হৈছে৷ মাজতে আবুল সুস্থ হৈ উঠিছিল যদিও পুনৰ একেই অসুবিধা দেখা দিয়াত চিকিৎসকসকলো চিন্তিত হৈ পৰিছে৷

জানিব পৰামতে, আবুল বজন্দৰে epidermodysplasia verruciformis নামৰ ৰোগত আক্ৰান্ত হৈ হোৱাত তেওঁৰ হাত আৰু ভৰিৰ চালৰ পৰা শিৰা বাহিৰ হৈ গছৰ দৰে ৰূপ ধাৰণ কৰে৷ এই ৰোগক সেইবাবে 'ট্ৰী চিন্ড্ৰম' বুলিও কোৱা হয়৷ সমগ্ৰ বিশ্বত মুঠ ১০ জন ব্যক্তি এই ৰোগত আক্ৰান্ত হৈ আছে৷ ইয়াৰে আবুল বজন্দৰো এজন৷ এই ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বে আবুলে অটো চলাই জীৱন নিৰ্বাহ কৰিছিল যদিও এই ৰোগত আক্ৰান্ত হোৱাৰ পৰা তেওঁ অটো চলোৱাত অসমৰ্থ হয়৷ ইফালে আবুলৰ বৰ্তমান স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটা বুলি উল্লেখ কৰি শীঘ্ৰেই অস্ত্ৰোপ্ৰচাৰ কৰাৰ প্ৰয়োজন বুলি জানিবলৈ দিছে চিকিৎসকসকলে৷

আনহাতে আবুল বজন্দৰৰ শেহতীয়া অস্ত্ৰোপ্ৰচাৰ চলি থাকোতেই তেওঁ চিকিৎসালয়ৰ পৰা পলায়ন কৰাত তেওঁৰ চিকিৎসা সম্পূৰ্ণ নহ'ল৷ যাৰ বাবে পুনৰ তেওঁ সেই ৰোগত আক্ৰান্ত হৈছে বুলি চিকিৎসকে মত প্ৰকাশ কৰিছে৷ অৱশ্যে আবুল বজন্দৰৰ এই অদ্ভূত ৰোগৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰাৰ নিৰ্দেশ দিছে বাংলাদেশ চৰকাৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in