নিউজলেণ্ডৰ মছজিদত আক্ৰমণ, কোনোমতে বাচিল বাংলাদেশৰ ক্ৰিকেট দল…

নিউজলেণ্ডৰ মছজিদত আক্ৰমণ, কোনোমতে বাচিল বাংলাদেশৰ ক্ৰিকেট দল…

ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ কাইস্তাচাৰ্চত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনাৰ পাছতেই এতিয়া দেশখনত জাৰি কৰা হৈছে হাইএলাৰ্ট। কোনোমতে ৰক্ষা পৰিছে দেশখনৰ ভ্ৰমণত থকা বাংলাদেশৰ জাতীয় ক্ৰিকেট দলটোৰ খেলুৱৈসকল। আৰক্ষীয়ে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

এটা মছজিদত সেই সময়ত আছিল বাংলাদেশৰ ক্ৰিকেট দলটোৰ খেলুৱৈসকল। নিৰাপত্তাৰক্ষীয়ে সেই দলটোৰ সদস্যসকলক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে। এই আক্ৰমণৰ ঘটনাৰ পাছতেই তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যায় নিৰাপত্তাৰক্ষীয়ে।

এই আক্ৰমণৰ পাছতেই বাংলাদেশ আৰু নিউজিলেণ্ডৰ মাজত শনিবাৰৰ পৰা আৰম্ভ হ'ব লগা টেষ্ট মেচখন বাতিল কৰা হৈছে। দেশখনত নিৰাপত্তাৰ প্ৰতি সৃষ্টি হোৱা পৰিস্থিতিৰ পাছত নিউজিলেণ্ড ক্ৰিকেট সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in