দুৰ্গা পেণ্ডেলৰ পিছত এইবাৰ বাংলাদেশৰ ইস্কন মন্দিৰত আক্ৰমণ কৰিলে দুৰ্বৃত্তইঃ নিহত ১ জন…

দুৰ্গা পেণ্ডেলৰ পিছত এইবাৰ বাংলাদেশৰ ইস্কন মন্দিৰত আক্ৰমণ কৰিলে দুৰ্বৃত্তইঃ নিহত ১ জন…

ডিজিটেল ডেস্কঃ চুবুৰীয়া বাংলাদেশত দুৰ্গা পূজাৰ কেইবাটাও মণ্ডপত দুৰ্বৃত্তই তাণ্ডৱ চলোৱাৰ পিছত এইবাৰ এটা ইস্কন মন্দিৰ দুৰ্বৃত্তই ধ্বংস কৰাৰ খবৰ লাভ কৰা গৈছে। শুকুৰবাৰে বিজয়া দশমীৰ দিনটোত বাংলাদেশৰ নাওমিখালিৰ ইস্কন মন্দিৰটো দুৰ্বৃত্তই ধ্বংস কৰে।

নাওমিখালিৰ ইস্কন মন্দিৰ সমিতিয়ে প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে তেওঁলোকৰ মন্দিৰ আৰু ভক্তসকলক এটা ২০০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে। কেৱল আক্ৰমণ কৰাই নহয় ইস্কনৰ এজন ভক্তকো এই দুৰ্বৃত্তৰ দলটোৱে নিৰ্মমভাৱে হত্যা কৰিছে। দুৰ্বৃত্তৰ হাতত মৃত্যু হোৱা এই ইস্কনৰ সদস্যজনৰ নাম পাৰ্থ দাস।

প্ৰকাশিত খবৰ অনুসৰি পাৰ্থ দাসৰ মৃতদেহ ইস্কন মন্দিৰটোৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইস্কন মন্দিৰ কমিটীয়ে বাংলাদেশৰ চৰকাৰক অৱগত কৰি তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

মন কৰিবলগীয়া যে বৃহস্পতিবাৰে বাংলাদেশৰ চিটাগঙৰ কোমিলা অঞ্চলৰ এটা দুৰ্গা পেণ্ডলত দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাইছিল। এই আক্ৰমণত ৪ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে বাংলাদেশ চৰকাৰে দুৰ্গা পেণ্ডেলত আক্ৰমণ কৰাসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই ঘটনাৰ এদিন পাছতে পুনৰ ইস্কন মন্দিৰত হোৱা আক্ৰমণ আকৰু ইয়াৰ ফলত এজনৰ মৃত্যু হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in