ৰেডিচন ব্লুত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানঃ ভাগ ল’ব বাংলা বিদেশমন্ত্ৰীসহ বিশাল বাহিনীয়ে, কিন্তু ইমান গোপনে কিয় !

ৰেডিচন ব্লুত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানঃ ভাগ ল’ব বাংলা বিদেশমন্ত্ৰীসহ বিশাল বাহিনীয়ে, কিন্তু ইমান গোপনে কিয় !

ডিজিটেল ডেস্কঃ ইমান গোপনে গুৱাহাটীৰ পঞ্চ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত কিয় চলিছে এই বিশাল আয়োজন? ২৮ আৰু ২৯ মে' তাৰিখত ইয়াতে অনুষ্ঠিত হ'ব নেচাৰেল এলাইছ ইন ডেভলপমেণ্ট এণ্ড ইণ্টাৰডিপেণ্ডেচ (NADI)চমুকৈ এছিয়ান কন্সফ্লুয়েঞ্চ এণ্ড ইণ্টাৰনেচনেল ৰিভাৰ কন্সফ্লুয়েঞ্চ শীৰ্ষক এক দুদিনীয়া অভিৱৰ্তন। যাক নদী কনফ্লুয়েঞ্চ বুলিও কোৱা হৈছে।

ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগৰ উপৰিও উত্তৰ পূৱ পৰিষদৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ অভিৱৰ্তন। সেই উদ্দেশ্যে কিছু সময় পিছতে অৰ্থাৎ শুকুৰবাৰে বিয়লি ৩ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'বহি বাংলাদেশৰ বিদেশমন্ত্ৰী।

তেওঁৰ পিছে পিছে ৫ বজা পৰ্যন্ত বিমান যোগে উপস্থিত হ'ব বাংলাদেশৰ সাংসদ আৰু উচ্চ আমোলা-বিষয়াৰে পৰিৱেষ্টিত ৬০ জনীয়া এক দলো। আনহাতে এই অনুষ্ঠানত অংশ ল'বলৈ ইণ্ডোনেছিয়া, কম্বোদিয়া, থাইলেণ্ড, ফিলিপাইনছ, ম্যানমাৰকে ধৰি ৭খনকৈ এছিয়ান দেশৰ নেতাৰো আগমণ ঘটিছে।

কিন্তু অস্বাভাৱিক ভাৱে এই বিশাল আয়োজন সন্দৰ্ভত অসমত চলা নাই কোনো আশানুৰূপ চৰকাৰী, বেচৰকাৰী প্ৰচাৰ। সংবাদ মাধ্যমৰ জৰিয়তেও এই সন্দৰ্ভত বিশেষ তথ্য লাভ কৰা নাই। কিন্তু কিয়? এনে এক প্ৰশ্ন অতি স্বাভাৱিক ভাৱেই সকলোৰে মনত উদয় হৈছে।

কিয়নো গুৱাহাটীত থকা বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়েও ইয়াকে লৈ কোনো কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই। কাৰ্যালয়টোত গণসংযোগ বিষয়া আছে অথচ উক্ত অনুষ্ঠানক লৈ তেওঁলোকে কাৰো সৈতে সংযোগ স্থাপন কৰা নাই।

একেদৰে ৰাজ্যৰ গণসংযোগ বিভাগ প্ৰায় নিমাত। দুই-এক মাধ্যমত অনুষ্ঠান সম্পৰ্কীয় নুন্যতম খবৰ প্ৰকাশ পাইছে যদিও সেইয়া পৰ্যাপ্ত নহয়। মুখে মুখে বাগৰি অহা খবৰ মতে ইয়াৰ আঁৰৰ কাৰণ হ'ল- বৃহৎ পৰিমাণৰ অৰ্থ ব্যয় হ'বলগীয়া এই অনুষ্ঠানৰ ব্যৱস্থাপনাৰ দায়িত্ব লৈছে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ স্বত্বাধিকাৰীয়ে।

এও একাংশ বিশিষ্ট ব্যক্তিক লগত লৈ ইতিপূৰ্বেও বহু গুৰুত্বপূৰ্ণ অনুষ্ঠান অতি সন্তৰ্পনে অনুষ্ঠিত কৰাৰ পিছত ৰাষ্ট্ৰীয় মাধ্যমত বিজ্ঞাপন যোগে তাৰ চমক দিয়ে। আৰু ক'ব নোৱাৰাকৈয়ে এনে চমকৰ অংশীদাৰ হৈ বৃহৎ পৰিমাণৰ অৰ্থ উলয়াই দিবলগা হয় ৰাজ ভঁৰালৰ পৰা।

সেইবাবেই এনেকুৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশাল অনুষ্ঠানৰ আয়োজন কৰি তাৰ মাধ্যমতো কোনোবাই ৰাজ ভঁৰালত সিন্ধি দি আছে নেকি সেই প্ৰশ্নও বিভিন্নজনৰ মুখত উচ্চাৰিত হৈছে।যাৰ বাবে উচ্চায়ুক্ত কাৰ্যালয় তথা ৰাজ্য চৰকাৰৰ এক্ট ইষ্ট পলিচি বিভাগৰ লগতে উত্তৰ পূৱ পৰিষদে ইয়াৰ আঁৰৰ সকলো কথা সদৰি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। অন্যথা ৰাইজৰ মনত সন্দেহ থাকি যাব। অৱশ্যে নিৰাপত্তাজনিত কাৰণতো এই অনুষ্ঠানৰ সবিশেষ প্ৰকাশ কৰাৰ পৰা আয়োজকসকল বিৰত থকাৰো অৱকাশ নথকা নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in