বাংলাদেশে অতিক্ৰম কৰিলে ভাৰতক, স্বাধীনতাৰ ৫০টা বছৰতে উত্তীৰ্ণ হ’ল অগ্নিপৰীক্ষাত

বাংলাদেশে অতিক্ৰম কৰিলে ভাৰতক, স্বাধীনতাৰ ৫০টা বছৰতে উত্তীৰ্ণ হ’ল অগ্নিপৰীক্ষাত

ডিজিটেল ডেস্ক : বিগত বৰ্ষত সংযুক্ত ৰাষ্ট্ৰৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহক সামৰি কৰা প্ৰতিবেদন অনুসৰি বৃদ্ধি পালে বাংলাদেশৰ ৰাষ্ট্ৰীয় জনমূৰি আয় | অতিক্ৰম কৰিলে চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতকো |
এই উল্লাসৰ মাজতে আন এক বাতৰিয়ে জোকাৰি যায় বাংলাদেশক, বজাৰত বাংলাদেশী মুদ্ৰা "টাকা"ৰ নাটনিয়ে সৃষ্টি কৰিছে এক অভাৱনীয় পৰিস্থিতিৰ | আন্তৰ্জাতিক মুদ্ৰা ফাণ্ডৰ পৰা আতৰাই পঠিয়াব পাৰে বাংলাদেশক | ফাণ্ডৰ বাবে অহা চাৰিমাহৰ কাৰণেহে আছে জমা ধন |

ইতিমধ্যেই বাংলাদেশে আন্তৰ্জাতিক বজাৰৰ পৰা এক বৃহৎ পৰিমাণৰ ঋণৰ আবেদন কৰিছে যদিও বৰ্তমান শ্ৰীলংকাৰ পৰিস্থিতিলৈ লক্ষ্য কৰি বাংলাদেশে এই ঋণ পোৱাটো প্ৰায় অসম্ভৱ |
আনহাতে, ডলাৰৰ বিপৰীতে টাকাৰ মূল্যটো অভাৱনীয় পৰিৱৰ্তন দেখা গৈছে |

যোৱাটো সপ্তাহত ১১২ টাকাৰ বিপৰীতে ১ ডলাৰ থকা অৱস্থাত বৰ্তমান ৯৫ টাকাৰ বিপৰীতে ১ ডলাৰ |
টাকাৰ মূল্য হ্ৰাস হোৱা ঘটনাই আন্তৰ্জাতিক বজাৰৰ পৰা আমদানি কৰা উৎপাদন শক্তিত প্ৰভাৱ পেলাব বুলি আশংকা প্ৰকাশ কৰিছে অৰ্থনীতিবিদসকলে |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in