অভিনৱ প্ৰতিবাদঃ অসমৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীৰে বাংগালুৰৰ পৰা অসমলৈ চাইকেল যাত্ৰা ৰূপকৰ

অভিনৱ প্ৰতিবাদঃ অসমৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীৰে বাংগালুৰৰ পৰা অসমলৈ চাইকেল যাত্ৰা ৰূপকৰ
  • বাংগালুৰৰ পৰা অসম অভিমুখে চাইকেল যাত্ৰা কৰিব নাৰায়ণপুৰৰ যুৱকে ।
  • ৰূপক শইকীয়া নামৰ যুৱক জনৰ ঘৰ নাৰায়ণপুৰৰ ভোলাবৰীত ।
  • বৃহস্পতিবাৰে পুৱা ৭ বজাত যুৱক জনে বাংগালুৰৰ এছ এছ চি এছ বি অসমীয়া নামঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছে ।
  • অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষা নিশ্চিত কৰা,অসমৰ বান-গড়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, অসমৰ ৭০ শতাংশ থলুৱা লোকৰ কোম্পানীত নিযুক্তি দিয়াকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ শ্ল'গানেৰে আগবাঢ়িব যুৱকজন ।
  • তিনি হাজাৰ কিলোমিটাৰ বাট অতিক্ৰম কৰি অসম সোমাব যুৱকজন ।
  • প্ৰতি দিনে ১৬০ কিলোমিটাৰ বাট অতিক্ৰম কৰিব যুৱkজনে ।
  • অসমত আহি যুৱকজনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক প্ৰথম সাক্ষাৎ কৰিহে নাৰায়ণপুৰলৈ যাত্ৰা কৰিব ।
  • বাংগালোৰস্থিত এটা কোম্পানীত কৰ্মৰত যুৱক জন নাৰায়ণপুৰৰ ভোলাবৰী নিবাসী পুতু শইকীয়া আৰু সৰুমাই শইকীয়াৰ একমাত্র পুত্ৰ ।
  • যুৱক জনৰ এই যাত্ৰাক লৈ উৎফুল্লিত হৈ পৰিছে  নাৰায়ণপুৰবাসী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in