আহমেদাবাদ আৰক্ষীৰ জালত বঙালমৰাৰ প্ৰবঞ্চক …

আহমেদাবাদ আৰক্ষীৰ জালত বঙালমৰাৰ প্ৰবঞ্চক …

ডিজিটেল সংবাদ, বিহপুৰীয়া: নকল সোণ আৰু জাল নোট প্ৰদানৰ নামত প্ৰবঞ্চনা কৰি আহমেদাবাদ আৰক্ষীৰ জালত পৰিল লখিমপুৰৰ বঙালমৰাৰ এজন প্ৰবঞ্চক ৷ জানিব পৰা মতে আহমেদাবাদৰ খাৰীয়া আৰক্ষী থানাৰ  এ-১১১৯১০০৫২১০১৩৯/২০২১ নম্বৰ গোচৰ তথা ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৪২০/১১৪ ধাৰাত পঞ্জীভুক্ত গোচৰৰ ভিত্তিতে কালি আহমেদাবাদ আৰক্ষীয়ে বঙালমৰাৰ ডি ৰিজাৰ্ভৰ পৰা গ্ৰেপ্তাৰ কৰে জেহিৰুল ইছলাম(১৮) নামৰ প্ৰবঞ্চকটোক ৷

বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বঙালমৰা আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগতে আহমেদাবাদৰ আৰক্ষীৰ দলটোৱে প্ৰবঞ্চকটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰবঞ্চকটোৱে আন কেইবাজনো সহযোগীৰ সহযোগত আহমেদাবাদৰ এজন লোকৰ পৰা প্ৰবঞ্চনাৰে ২০ লাখ টকা আত্মসাৎ কৰিছিল ৷

ইতিমধ্যে আহমেদাবাদ আৰক্ষীয়ে শনিবাৰে প্ৰবঞ্চক জেহিৰুলক লখিমপুৰ আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লয় ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা বিহপুৰীয়া আৰক্ষী থানাৰ বঙালমৰাত এটা চক্ৰই জাল নোট আৰু নকল সোন যোগান ধৰি ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ একাংশ লোকক প্ৰবঞ্চনা কৰি আহিছে ৷ আহমেদাবাদ আৰক্ষীয়ে এটা প্ৰবঞ্চকক কৌশলেৰে আটক কৰে যদিও এই কাণ্ডৰ লগত জড়িত বাকী প্ৰবঞ্চক কেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in