ৰাজহুৱা বিচাৰত ৪২ হাজাৰ টকা জৰিমনা, আত্মহত্যা কিশোৰৰ…

ৰাজহুৱা বিচাৰত ৪২ হাজাৰ টকা জৰিমনা, আত্মহত্যা কিশোৰৰ…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ প্ৰথমতে ৰাজহুৱা বিচাৰ ৷ তাৰপিছত মাৰপিটৰ লগতে বিহিলে জৰিমনা ৷ জৰিমনাৰ পৰিমানো সাধাৰণ নহয় ৷ ৪২ হাজাৰ টকা জৰিমনা ৷ এটা সৰু ঘটনাক কেন্দ্ৰ কৰি ৰাজহুৱা বিচাৰৰ লগলে মাৰপিট আৰু জৰিমনাৰ বোজা মানসিকভাৱে সহ্য কৰিব নোৱাৰি ৰেলৰ আগত জপিয়াই আত্মহত্যা কৰিলে এজন কিশোৰে ৷

এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁও জিলাত ৷ জানিব পৰা মতে যোগীঘোপা ভড়ালকুণ্ডীৰ উদয় মালো নামৰ ১৬ বছৰীয়া কিশোৰগৰাকীক কালি গাঁওবাসীয়ে ছোৱালী জোকোৱা বুলি অভিযোগ তুলি ৰাজহুৱা বিচাৰ কৰে ৷

বিচাৰত মাৰপিটো কৰে তাৰপিছতে ৪২ হাজাৰ টকা জৰিমনা বিহে ৷ মানসিকভাৱে এই বদনাম সহ্য কৰিব নোৱাৰি মালো উপাধিৰ কিশোৰগৰাকীয়ে নিশা নিউবঙাইগাঁও-গোৱালপাৰা সংযোগী ৰেলপথত ৰেলৰ আগত আত্মহত্যা কৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in