কোৰোনা যোদ্ধা সকলৰ কাষত ‘ৰটাৰেক্ট ক্লাৱ অৱ বঙাইগাঁও’

কোৰোনা যোদ্ধা সকলৰ কাষত ‘ৰটাৰেক্ট ক্লাৱ অৱ বঙাইগাঁও’

ডিজিটেল সংবাদ, বঙাইগাঁওঃ শুকুৰবাৰে বঙাইগাঁৱৰ এক আগশাৰীৰ বেচৰকাৰী সংগঠন 'ৰটাৰেক্ট ক্লাৱ অৱ বঙাইগাঁৱৰ' উদ্যোগত 'Rakshitam-ৰক্সিতম' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়।

ত্ৰাস সৃষ্টিকাৰী কোৰোনা মহামাৰীৰ সময়ত দেশৰ জনগণৰ মংগলৰ হকে নিৰবচ্ছিন্নভাৱে কাম কৰি অহা কৰোণাযোদ্ধা অৰ্থাৎ চিকিৎসক, নাৰ্চ, চাফাই কৰ্মী, এম্বুলেঞ্চৰ চালক, চিকিউৰিটি গাৰ্ডক এই সংগঠনৰ ফালৰ পৰা চেনিটাইজাৰ, মাস্ক, ফেচশ্বিল, গামোচা ইত্যাদি প্ৰদান কৰা হয়।

সামাজিক দূৰত্ব তথা কোৰোনা মহামাৰীৰ সম্পৰ্কে ল'ব লগা সজাগতা মানি চলি সংগঠনটোৰ সদস্যসকলে বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত ওপৰত উল্লেখ কৰা ব্যক্তিসকলক কৰ্তব্যৰত অৱস্থাত সামগ্ৰীসমূহ বিতৰণ কৰে।

বেচৰকাৰী সংগঠনটোৰ District Rotaract Representative চমুকৈ DRR তুষাৰ জালানৰ পৰিকল্পনামৰ্মে উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও পশ্চিম বংগটো এইটো অনুষ্ঠানৰ কাম হাতত লোৱা হৈছে বুলি সংগঠনটোৰ সভাপতি সুমন বণিক্য আৰু ক্লাৱ ডাইৰেক্টৰ নীৰজ ৰয়ে জানিবলৈ দিয়ে।

তদুপৰি সংগঠনৰটোৰ এই আদৰণীয় পদক্ষেপৰ বিষয়ে জিলাখনৰ জ্যেষ্ঠ চিকিৎসক ডা' ধৰ্মেশ্বৰ হাজৰিকা আৰু ডা' ইতেশ বৰদলৈয়ে শলাগ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in