নিচাযুক্ত সামগ্ৰী ক্ৰয়ৰ বাবে চাইকেল চুৰিত নামিল সম্ভ্ৰান্ত ঘৰৰ সন্তান

নিচাযুক্ত সামগ্ৰী ক্ৰয়ৰ বাবে চাইকেল চুৰিত নামিল সম্ভ্ৰান্ত ঘৰৰ সন্তান

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁৱত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা৷ নিয়মিত নিচাযুক্ত দ্ৰৱ্য সেৱনৰ বাবে ঘৰৰ পৰা টকা নাপাই এইবাৰ সম্ভ্ৰান্ত ঘৰৰ সন্তান লিপ্ত হৈছে চুৰি কাৰ্যত৷ দেওবাৰে সংঘটিত হৈছিল এক চাইকেল চুৰৰ ঘটনা ৷ আৰু এই চাইকেল চুৰৰ সমস্ত দৃশ্য বন্দী হৈছিল চিচি কেমেৰাত ৷

সোমবাৰে এই চুৰিকাৰ্যৰ বাতৰি প্ৰকাশ হৈছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত৷ বাতৰি প্ৰকাশ হোৱাৰ পিছতে বাতৰিৰ আঁত ধৰি দুজন যুৱকক কৰায়ত্ত কৰে একাংশ লোকে৷ আনহাতে, যুৱক দুজনক কৰায়ত্ত কৰাৰ পিছত পোহৰলৈ আহে এক ভয়ংকৰ তথ্য ৷

দুই যুৱক ক্ৰমে সুমন দেৱ নাথ আৰু বিকি ৰয় ড্ৰাগছ আসক্ত৷ বঙাইগাঁৱৰ পালপাৰাৰ বাসিন্দা সুমনৰ মাতৃ বঙাইগাঁওৰ এখন বিদ্যালয়ৰ শিক্ষয়ত্ৰী ৷ ড্ৰাগছ আসক্ত হোৱাৰ বাবেই ঘৰৰ পৰা টকা নাপাই দুয়ো চুৰ কৰিছিল চাইকেলখন ৷ চুৰ কৰা চাইকেলখন বিক্ৰী কৰি পোৱা ৪০০০ টকাৰে দুয়ো ক্ৰয় কৰিছিল নিচাযুক্ত দ্ৰৱ্য ৷

দুয়োজন যুৱকৰ পৰা ভাং আৰু চিৰিঞ্জকে ধৰি কিছুসংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ স্বাভাৱিকতে সম্ভ্ৰান্ত ঘৰৰ সন্তানে ড্ৰাগছৰ বাবেই চুৰিকাৰ্যত লিপ্ত হোৱাৰ ঘটনাই যুৱপ্ৰজন্মৰ ভয়ংকৰ ভৱিষ্যতৰ কথা পোহৰলৈ আনিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in