বঙাইগাঁৱৰ সৃজনগ্ৰামত চোৰৰ চাফাই অভিযান

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ বৰঘোলা আৰক্ষী চকীৰ পৰা প্ৰায় আধা কিঃ মিঃ দূৰত্বত মজাইমুখ গাঁৱত প্ৰতি বৃহস্পতিবাৰে চোৰে চলাই চাফাই অভিযান। ৪ নৱেম্বৰত গাওঁখনৰে ধিৰেন মজুমদাৰ নামৰ এজন লোকৰ ঘৰত চোৰে চুৰি কাৰ্য চলাই সোণৰ আ-অলংকাৰৰ লগতে টকা, পইচা চুৰি কৰি নিয়ে।

বৃহস্পতিবাৰেও উক্ত গাওঁখনৰে প্ৰভাত নাথৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰি ঘৰৰ ভিতৰত থকা বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে। ইফালে গৃহস্থই জনোৱা অনুসৰি টকা-সোণ বিচাৰি নাপাই চোৰে বিভিন্ন সামগ্ৰীসমূহ লণ্ডভণ্ড কৰে।

উল্লেখযোগ্য যে, বৰ্তমানৰ লৈকে আৰক্ষীয়ে উক্ত চুৰিকাৰ্যৰ সৈতে জড়িত এজনো লোকক আটক কৰিব পৰা নাই। লগতে সৃজনগ্ৰামৰ গাওঁ ৰক্ষী বাহিনীয়ে গাওঁবাসীৰ ৰক্ষাৰ বাবে তহল নিদিয়াৰো অভিযোগ উঠে। এইক্ষেত্ৰত বৰঘোলা আৰক্ষী চকীৰ ভাৰপাপ্ত বিষয়া গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in