শেহতীয়া খবৰ
পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...  •  শোণিতপুৰৰ বৰছলাত ব্যতিক্ৰমীৰূপত শিল্পী দিৱস উদযাপন  •  দক্ষিন শালমাৰাৰ ফেৰছাঁটাৰীত ভূমি কেন্দ্ৰিক সংঘাতঃ জ্বলাই দিলে ঘৰ, পাঁচ লক্ষাধিক টকাৰ ক্ষতি

বঙাইগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

50

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসমতে চলিছে প্ৰতিবাদ। অসমৰ খিলঞ্জীয়া জনগণৰ ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষতিসাধন কৰি অসমীয়া জাতিক নিঃশেষ কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত উত্তৰ শালমাৰা অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

‘কেব আমাক নালাগে, আছে হেংদাং লোৱা নাই, বিজেপি চৰকাৰ গ’ বেক, এই সংগ্ৰাম চলিছে চলিব, এই জুই জ্বলিছে জ্বলিবই’ আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰাৰ প্ৰতিকৃতি দাহ কৰে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ হকে সমগ্ৰ অসমবাসীকে ঐক্যবদ্ধ হৈ সংগ্ৰামৰ সংকল্প ল’বলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে। লগতে এই বিধেয়কখন যদি বাতিল নকৰে তেন্তে ইয়াতকৈ আৰু ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলিও তেওঁলোকে হুংকাৰ প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি