বঙাইগাঁৱৰ বইটামাৰীত গাড়ীচোৰৰ দল কৰায়ত্ত, VIDEO

বঙাইগাঁৱৰ বইটামাৰীত গাড়ীচোৰৰ দল কৰায়ত্ত, VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ সাৱধান হ'বৰ হ'ল ভাড়া দিয়া গাড়ীৰ মালিক আৰু চালকসকল৷ কিয়নো ভাড়াতীয়াৰ ৰূপত আহি গাড়ী ভাড়া লৈ চালকক হত্যা কৰি চোৰ কৰিব পাৰে আপোনাৰ গাড়ী৷ হয়, আপুনি ঠিকেই শুনিছে৷ নামনি অসমত ভাড়াতীয়াৰ ৰূপত এতিয়া পিয়াপি দি ঘূৰি ফুৰিছে গাড়ীচোৰৰ দল৷

শনিবাৰে নিশা বঙাইগাঁৱৰ বইটামাৰী আৰক্ষীয়ে খেদি খেদি এখন স্কৰ'পিঅ' গাড়ীসহ কৰায়ত্ত কৰে ৭ টা দুৰ্ধৰ্ষ গাড়ীচোৰ৷ জানিব পৰা মতে হালাকুৰাৰ পৰা এএছ-১৭-১১৫৭ নম্বৰৰ এখন এলট' ৮০০ গাড়ী তিনিজন যুৱকে গোৱালপাৰাৰ লক্ষীপুৰ যাবলৈ বুলি কৰিছিল ভাড়া৷ কিন্তু লক্ষীপুৰ নগৈ চালকক লৈ যুৱকৰ দলটোৱে বিভিন্ন স্থানত ঘূৰি ফুৰে বিভিন্ন অজুহাত দেখুৱাই।

এইদৰে বইটামাৰীৰ খগৰপুৰত এএছ-১৬-বি-৬৫৫৫ নম্বৰৰ স্কৰ'পিঅ' বাহন এখনত আন ৪ জন যুৱক আহি এল্ট'খন ৰখাই চালকক টনাটনি কৰোতেই আৰক্ষীৰ বাহন ঘটনাস্থলীত উপস্থিত হোৱাত স্কৰ'পিঅ'সহ ৪ জন যুৱকে পলায়ন কৰে৷ ইফালে এল্ট'খনত থকা ৩ যুৱকক আটক কৰি স্কৰ'পিঅ'ৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

বিজনীৰ গৰাইমাৰীত গাড়ীচোৰৰ দলটোক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ডকাইত কেইটাৰ নাম হ'ল গৰাইমাৰীৰ তহিবুল মণ্ডল, ছাদ্দাম হুছেইন, জাহিদুল ইছলাম, আবু চৈয়দ খান, আব্দুল মজিদ, চবুৰ আলি, ৰফিকুল আলি আকণ্ড। এই ঘটনাই সমগ্ৰ বঙাইগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, পূৰ্বতেও এইকেইটা ডকাইতে চাহপাতৰ ট্ৰাক চুৰিৰ লগত জড়িত বুলি জানিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in