ভয়ংকৰ দৃশ্য! নিজৰাৰ ওপৰৰ পৰা তলত পিচলি পৰা যুৱকৰ থিতাতে মৃত্যু… VIDEO

ভয়ংকৰ দৃশ্য! নিজৰাৰ ওপৰৰ পৰা তলত পিচলি পৰা যুৱকৰ থিতাতে মৃত্যু… VIDEO
  • বঙাইগাঁৱৰ আটুগাঁওস্থিত ৰাজাঠাকুৰ মন্দিৰ সংযোগী ভূমেশ্বৰ পাহাৰত সংঘটিত হয় অঘটন।
  • পাহাৰৰ ওপৰৰ অংশৰ নিজৰাত গা ধুই থকা এজন যুৱক পিচলি তলত প্ৰকাণ্ড শিলত ঠেকা খাই থিতাতে মৃত্যু হয় যুৱকজনৰ।
  • যুৱকজন পিচলি পৰা সময়ত এক গাঁ শিয়ৰি উঠা দৃশ্য কেমেৰাত বন্দী হৈছে।
  • মৃত হোৱা যুৱকজনৰ নাম ৰিয়াজুল জান্নাত
  • ৰিয়াজুল জান্নাতৰ ঘৰ জিলাখনৰ নানকাৰগাঁৱত বুলি জানিব পৰা গৈছে।
  • ৰিয়াজুল নিজৰাৰ ওপৰৰ পৰা পিচলি তলত আলতাপ আলি নামৰ আন এজন যুৱকৰ গাত আহি পৰাত সেই যুৱকজনো গুৰুতৰভাৱে আহত হয়।
  • উল্লেখ্য যে, ৰাজাঠাকুৰ পূজা সমিতিয়ে সাম্প্ৰতিক কোৰোনা সক্ৰান্তীয় পৰিস্থিতি আৰু বিপদজ্জনক স্থানৰ বাবে উক্ত স্থানত প্ৰৱেশত বাধাদান কৰি জাননী জাৰি কৰিছিল।
  • কিন্তু পূজা সমিতিৰ বাধা নামানি দৈনিক শ শ লোক সমবেত হয় উক্ত নিজৰাত গা ধুবলৈ। যাৰ ফলত সোমবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় বুলি পূজা সমিতিয়ে সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in