বঙাইগাঁৱত দেহত অগ্নিসংযোগ কৰি আত্মহত্যা মহিলাৰ…

বঙাইগাঁৱত দেহত অগ্নিসংযোগ কৰি আত্মহত্যা মহিলাৰ…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। এটা চুলাইৰ ঘাটিত নিজৰ শৰীৰত চুলাই ঢালি অগ্নি সংযোগ এগৰাকী মহিলাৰ৷ মহিলাগৰাকীৰ নাম কনকলতা সিংহ বুলি চিনাক্ত কৰা হৈছে৷ পিছত কনকলতা সিংহ নামৰ অগ্নিদগ্ধ মহিলা গৰাকীৰ মৃত্যু হয়৷

এই ঘটনা সংঘটিত হয় নিউ বঙাইগাঁৱৰ সমীপত৷ মহিলাগৰাকী ৰে'লৱেৰ মাটিত অবৈধভাৱে সজা গৃহত বাস কৰিছিল৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে৷ মহিলাগৰাকীয়ে কি পৰিস্থিতিত গাত চুলাই ঢালি অগ্নি সংযোগ কৰিলে সেয়া জানিব পৰা হোৱা নাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in