বঙাইগাঁৱৰ যোগীঘোপাত বানাক্ৰান্তৰ হাঁহাকাৰ, পানীৰ মাজত প্ৰতিবাদ, VIDEO

বঙাইগাঁৱৰ যোগীঘোপাত বানাক্ৰান্তৰ হাঁহাকাৰ, পানীৰ মাজত প্ৰতিবাদ, VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ঔডুবী, বালাপাৰা, মাজেৰআলগাত বানপানীয়ে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে৷ প্ৰৱল বৃষ্টিপাত আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে মাজেৰ আলগাৰ বিভিন্ন অঞ্চল বুৰাই পেলাইছে৷

বিভিন্ন স্থানত মানুহকে ধৰি পশুধন আৱদ্ধ হৈ পৰাৰ পিছতো গুৰুত্ব দিয়া নাই বঙাইগাঁও জিলা প্ৰশাসনে৷ আনহাতে স্থানীয় বিধায়ক অনন্ত মালোৱেও দিয়া নাই গুৰুত্ব৷ চৰকাৰ তথা প্ৰশাসনৰ কাৰ্যত ক্ষুণ্ণ হৈ সোমবাৰে উত্তৰ শালমাৰা জিলা আমছুৱে স্থানীয় ৰাইজৰ সহযোগত পানীৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰে৷

আমছুৱে অভিযোগ কৰা মতে প্ৰশাসনে মাত্ৰ দুই তিনিখন নাৱৰ যোগান ধৰিয়েই নিজৰ দায়িত্ব সামৰিছে৷ পশুধনৰ খাদ্যৰ লগতে শিশুৰ বাবে খাদ্য তথা পানীৰ যোগান এতিয়ালৈ ধৰা নাই৷ ফলত বানত আৱদ্ধ লোকসকলে এক দুৰ্বিসহ জীৱন কটাব লগা হৈছে পানীৰ মাজত৷ অনতিপলমে বানত আক্ৰান্ত লোকক সাহাৰ্য তথা উদ্ধাৰ কাৰ্য চলাবলৈ জিলা প্ৰশাসনত আহ্বান জনাইছে আমছুৱে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in