সুদীৰ্ঘ ১১ দিনৰ মূৰত উদ্ধাৰ হৰগোবিন্দৰ মৃতদেহ

সুদীৰ্ঘ ১১ দিনৰ মূৰত উদ্ধাৰ হৰগোবিন্দৰ মৃতদেহ

ডিজিটেল সংবাদ, বঙাইগাঁওঃ সুদীৰ্ঘ ১১ দিনৰ মূৰত দেওবাৰে উদ্ধাৰ হয় হৰগোবিন্দ ৰায়ৰ মৃতদেহ৷ যোৱা ২৭ জুনত বঙাইগাঁৱৰ সিদলসতী চেচাপানীত মাছ মাৰিবলৈ গৈ আই নৈৰ তীব্ৰ সোঁতত উটি গৈছিল ১২ বছৰীয়া কিশোৰ হৰগোবিন্দ ৰায়৷

ঘটনাৰ পিছত এছডিআৰএফ আৰু এনডিআৰএফে তিনিদিন ধৰি মৃতদেহৰ সন্ধানত অভিযান চলাইছিল যদিও সম্ভেদ পোৱা নাছিল৷ দেওবাৰে আবেলিৰ ভাগত নৈত সম্পূৰ্ণ গেলি যোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in