বঙাইগাঁৱত প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে

বঙাইগাঁৱত প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁৱত আজি নামনি অসমৰ প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

চহৰখনৰ পৰা ৩ কিঃমিঃ নিলগৰ জেল্কাঝাৰত এই অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল৷ দিনৰ ১২ বজাত অনুস্থিত হ'বলগীয়া অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীও উপস্থিত থাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in