বঙাইগাঁৱত দিনদুপৰতে চাইকেল চুৰি, চাওঁক VIDEO

বঙাইগাঁৱত দিনদুপৰতে চাইকেল চুৰি, চাওঁক VIDEO

ডিজিটেল সংবাদ, অভয়াপুৰীঃ ৰাজ্যত অব্যাহত আছে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চোৰৰ টিঘিলঘিলনী৷ কেতিয়াবা যদি ঘৰৰ ভিতৰৰ বস্তু-বাহানি, কেতিয়াবা আকৌ মটৰ চাইকেল ঘৰৰ ভিতৰৰ পৰা চুৰি কৰি লৈ যোৱা ঘটনাও সংঘটিত হৈয়ে আছে। কিন্তু আৰক্ষী অধিকাংশ চুৰি কাণ্ডতেই চোৰক কৰায়ত্ত কৰিব পৰা নাই বুলিও অভিযোগ উত্থাপন হৈ আহিছে ৷

ইফালে, আৰক্ষীৰ বুঢ়া আঙুলি দেখুৱাই অব্যাহত আছে চোৰৰ চাফাই অভিযান৷ সোমবাৰে আবেলি বঙাইগাঁৱৰ আৰ পি প্ৰিন্টাৰ্ছৰ চৌহদৰ ভিতৰৰ পৰা চাইকেল এখন চোৰ এটাই চুৰ কৰাৰ সমস্ত ভিডিঅ' বন্দী হ'ল চিচি টিভি কেমেৰাত৷

ৰঙা স্প'ৰ্টিং পৰিধান কৰা এটা চোৰে দোকানখনৰ চৌহদত সোমাই লৈ গৈছে এখন চাইকেল৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত চাইকেলখনৰ গৰাকীয়ে বঙাইগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ৷ চাওঁক সেই চুৰি কাণ্ডৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in