চিৰাঙৰ চুবাইঝাৰত গৰম কাপোৰ বিতৰণ বঙাইগাঁও ৰটাৰেক্ট ক্লাৱ আৰু হেল্পিং হেণ্ডচৰ

চিৰাঙৰ চুবাইঝাৰত গৰম কাপোৰ বিতৰণ বঙাইগাঁও ৰটাৰেক্ট ক্লাৱ আৰু হেল্পিং হেণ্ডচৰ

ডিজিটেল ডেস্কঃ এফালে কা বিৰোধী প্ৰতিবাদ আনফালে চৰকাৰৰ শান্তি সমদল। তাৰ মাজতে আন একাংশ লোকে কাম কৰিছে দুৰ্গতজনৰ বাবে। বিভিন্ন সময়ত দুৰ্গতজনৰ বাবে কাম কৰি অহা এটা আগশাৰীৰ বেচৰকাৰী সংস্থা ৰটাৰেক্ট ক্লাৱ অৱ বঙাইগাঁও আৰু হেল্পিং হেণ্ডচৰ যৌথ সহযোগত সুন্দৰভাৱে সম্পন্ন হ'ল পুৰণি গৰম কাপোৰৰ দান 'Cloth Collection & Distribution Drive 3'0' অনুষ্ঠান।

চিৰাঙৰ চুবাইঝাৰবাসী ৰাইজৰ মাজত তেওঁলোকে বিতৰণ কৰে কাপোৰ। বিগত বৰ্ষৰ বানত চুবাইঝাৰবাসী ৰাইজে সৰ্বস্ব হেৰুৱাই ডাবাবিল নামৰ ঠাই এটুকুৰাত অস্থায়ীভাৱে বাস কৰি আছিল। এই অনুষ্ঠানত সংগ্ৰহীত গৰম কাপোৰসমূহ মুঠ ৭৫ টি পৰিয়ালৰ মাজত বিতৰণ কৰা হয়। তেওঁলোকৰ এই যাত্ৰাত বঙাইগাঁৱৰ উপৰি আন বহুতো ঠাইৰ পৰা সঁহাৰি লাভ কৰা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, ৰটাৰেক্ট ক্লাৱে যোৱা দুবছৰ ধৰি এইটো অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

যাৰ কোনো নাই তেওঁলোকৰ বাবে আছে ভগৱান। এই বাক্যকে সঁচাত পৰিণত কৰিলে ৰটাৰেক্ট ক্লাৱে। প্ৰচণ্ড ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিজন লোকেই গৰম কাপোৰ ব্যৱহাৰ কৰে। কিন্তু এনে কিছু লোকো আছে যাৰ বাবে এডোখৰ কাপোৰ কিনাটো অসম্ভৱ। তেনে কিছু লোকৰ অভাৱৰ কথা বুজিয়ে ৰটাৰেক্ট ক্লাৱ অৱ বঙাইগাঁৱৰ তৰফৰ পৰা নৱবৰ্ষৰ প্ৰথম সময়চোৱাতে গৰম কাপোৰ বিতৰণ কৰা হয়। তেওঁলোকৰ এই কাৰ্যৰ প্ৰশংসা কৰিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in