যোগীঘোপাত চৰকাৰী বিষয়া, সাংবাদিক, বিজেপি নেতা আক্ৰমণৰ মূল নায়ক আৰক্ষী জোৱান!

যোগীঘোপাত চৰকাৰী বিষয়া, সাংবাদিক, বিজেপি নেতা আক্ৰমণৰ মূল নায়ক আৰক্ষী জোৱান!

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বেছিমাৰীত কৰ্তব্যৰত যোগান বিভাগৰ বিষয়া, সাংবাদিক আৰু বিজেপি নেতাক প্ৰহাৰ কৰাৰ লগত জড়িত চোৰাং চাউল বেপাৰীৰ গুণ্ডা বাহিনীৰ চাৰিজন লোকক যোগীঘোপা আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হ'ল বেছিমাৰী গাঁৱৰ আয়নাল হক, বেছিমাৰী মাদ্ৰাছাৰ শিক্ষক আব্দুল খালেক, আজাদ আলী আৰু হজৰত আলী। বেছিমাৰীৰ এখন মাদ্ৰাছাত বিক্ৰীৰ উদ্দেশ্যে সমবায়ৰ ডীলাৰ আয়নাল হকে গোপনে মজুত কৰি ৰখা চৰকাৰী সুলভ মূল্যৰ চাউলৰ বিৰুদ্ধে কালি যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী, সাংবাদিক আৰু বিজেপি নেতা-কৰ্মীৰ এটি দলে অভিযান চলাবলৈ গৈছিল।

দলটোৱে অভিযান চলোৱাৰ সময়তে ডীলাৰ আয়নাল হকৰ অনুগত এটি প্ৰায় ১৫/২০ জনীয়া গুণ্ডাবাহিনীৰ দলে অতৰ্কিতে জপিয়াই পৰে অভিযানকাৰী দলটোৰ ওপৰত। এই সন্দৰ্ভত যোগান বিভাগৰ যোগান পৰিদৰ্শক কালিদাস দেৱনাথে যোগীঘোপা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি)/১৪৩/৩২৩/৩৫৩/৩৫৪/৪২৭ অধীনত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ।

উল্লেখ্য যে, মালেগড় সমবায়ৰ ডীলাৰ আয়নাল হকে সুলভ মূল্যৰ চাউল কলা বজাৰত বিক্ৰীৰ উদ্দেশ্য বেছিমাৰী মাদ্ৰাছাত মজুত কৰি ৰাখিছিল এই খবৰ লাভ কৰি যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী, সাংবাদিক আৰু বিজেপি কৰ্মীৰ এটি দলে সুলভ মূল্যৰ চাউলৰ বিৰুদ্ধে অভিযান চলায়। দলটোৱে অভিযান চলোৱাৰ সময়তে ডীলাৰ আয়নাল হকৰ অনুগত এটি প্ৰায় ১৫/২০ জনীয়া গুণ্ডাবাহিনীৰ দলে অতৰ্কিতে জপিয়াই পৰে অভিযানকাৰী দলটোৰ ওপৰত। আয়নালৰ সম্পৰ্কীয় বেছিমাৰীৰ আলী আকবৰ, হজৰত আলী, আজাদ আলী, আৰক্ষী কনিষ্টবল তথা ডীলাৰ আয়নালৰ জোৱায়েক ছাইৰুদ্দিন, চফিকুল আদিৰ নেতৃত্বত দলটোৱে লাঠি, শিল আদিৰে অভিযানকাৰী দলটোক গুৰুলা-গুৰুল প্ৰহাৰ কৰাৰ লগতে সংবাদকৰ্মীৰ বাহনৰ ক্ষতিসাধন কৰে।

এই ঘটনাত উত্তৰ শামাৰাৰ যোগান পৰিদৰ্শক কালিদাস দেৱনাথ, সাংবাদিক টিংকু চন্দ্ৰ দাস, বঙাইগাওঁ জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আলাউদ্দিন আহমেদ ওৰফে বুলবুল হুছেইন, বিজেপি কৰ্মী ইয়াকুব আলী গুৰুতৰভাবে আহত হয়। আটাইকেইজনক যোগীঘোপা আৰক্ষীয়ে উদ্ধাৰ কৰি চলন্তাপাৰা স্বাস্থ্যকেন্দ্ৰলৈ নিয়ে যদিও ইয়াৰে আলাউদ্দিন আহমেদ আৰু ইয়াকুব আলীক সংকটজনক অৱস্থাত বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয়। ইফালে উক্ত ঘটনাৰ মূল নায়ক বুলি অভিযোগ উঠিছে এজন আৰক্ষী জোৱানৰ বিৰুদ্ধে৷ অসম আৰক্ষীৰ জোৱান তথা ডীলাৰ আয়নাল হকৰ জোৱায়েক ছাইৰুদ্দিনৰ নেতৃত্বত প্ৰায় ১৫ জনীয়া দলটোৰ বাকী সদস্যসকল সম্প্ৰতি পলাতক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in