অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক
ডিজিটেল সংবাদ, বঙাইগাঁওঃ দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কাকৈজানাক ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা৷ অচিনাক্ত বাহনে মহতিয়াই নিয়ে এজন বাইক আৰোহীক।

ফলত থিতাতে মৃত্যু হয় বাইক আৰোহী দিলীপ সৰকাৰৰ৷ নিহত দিলীপ সৰকাৰ দক্ষিণ দেওহাট নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল৷ কাকৈজানাৰ নয়াপাৰাত ঘৰ শিক্ষকজনৰ।