বঙাইগাঁৱত ক্ৰমাৎ হ্ৰাস পাইছে আই-মানাহৰ বাঢ়নি পানী…

বঙাইগাঁৱত ক্ৰমাৎ হ্ৰাস পাইছে আই-মানাহৰ বাঢ়নি পানী…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নামনি অসমৰ বঙাইগাঁও জিলাত ক্ৰমাৎ হ্ৰাস পাইছে আই আৰু মানাহৰ বাঢ়নি পানী৷ বিগত কেইবাদিনো ধৰি এই নৈদুখনৰ বাঢ়নি পানীয়ে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ভয়াৱহ ধাৰণ কৰিছিল৷

বঙাইগাঁও জিলা প্ৰশাসনে বুধবাৰে জনোৱা মতে, হুৰামৰাত আই নৈৰ পানী বিপদসীমাৰ ৪৯ ছেন্টিমিটাৰ আৰু আই-মানাহৰ পানী লেংটিছিঙাত বিপদসীমাৰ ৪ ছেন্টিমিটাৰ তলেৰে বৈ আছে৷ আনহাতে যোৱা ২৪ ঘন্টাত বঙাইগাঁৱত বৃষ্টিপাতৰ পৰিমাণ আছিল ১৯ মিঃমিঃ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in