ওলট-পালট! ১০ ছেপ্তেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বানেৰে ৰাজপথত কংগ্ৰেছ

ওলট-পালট! ১০ ছেপ্তেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বানেৰে ৰাজপথত কংগ্ৰেছ

ডিজিটেল ডেস্কঃ পেট্ৰ'ল-ডিজেল তথা অত্যাৱশ্যাকীয় সা-সামগ্ৰীৰ মূল্যৱৃদ্ধিৰ প্ৰতিবাদত কাইলৈ আহ্বান জনোৱা 'ভাৰত বন্ধ'ৰ পূৰ্বে আজি কংগ্ৰেছে সমগ্ৰ দেশতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসমতো প্ৰতিখন জিলাৰ সদৰত প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

মহানগৰীত উলিওৱা প্ৰতিবাদী সমদলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ লগতে ভূৱনেশ্বৰ কলিতা, ভূমিধৰ বৰ্মনকে আদি কৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। এই সমদলত ভাগ লৈ অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা হৰিশ ৰাৱটে কংগ্ৰেছৰ হাতত ভাৰত বন্ধৰ কোনো বিকল্প নাই বুলি মন্তব্য কৰে।

'মূল্য হ্ৰাসৰ বাবে আমাৰ দলে বহুবাৰ দাবী জনাইছিল, আবকাৰী শুল্ক আঁতৰাবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ কৰা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে সেই আহ্বান নুশুনিল। এই বন্ধ কংগ্ৰেছে আহ্বান জনোৱা নাই। এয়া সৰ্বসাধাৰণৰ বন্ধ। সেয়ে এই বন্ধক সকলোৱে সমৰ্থন কৰিছে।'- কেৱল বিজেপি আৰু সমৰ্থকসকলেহে বিৰোধিতা কৰিছে বুলি উল্লেখ কৰি এইদৰে কয় ৰাৱটে।

গুৱাহাটীৰ লগতে ডিব্ৰুগড়, যোৰহাট, নগাঁও, নলবাৰী, কোকৰাঝাৰৰ লগতে প্ৰতিখন জিলা সদৰতে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী। এই চহৰসমূহত সন্ধিয়াৰ ভাগত কংগ্ৰেছীসকলে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছৰ এই ভাৰত বন্ধক লৈ সৰৱ হৈ পৰিছে শাসকীয় বিজেপি। এই সন্দৰ্ভত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰি বন্ধৰে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা চলোৱাক হাস্যকৰ আখ্যা দিয়ে। বন্ধৰ নামত ৰাইজক হাৰাশাস্তি কৰিলে বিজেপি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে বিধায়কজনে।

ইফালে, কংগ্ৰেছে আহ্বান জনোৱা বন্ধক লৈ ছ'চিয়েল মিডিয়াত দেশৰ ভিন্ন প্ৰান্তৰ লগতে সৰৱ হৈ পৰিছে অসমৰ নেটিজেনসকলো। ফেচবুকত বহুতে কংগ্ৰেছ আৰু বিজেপিৰ এইবোৰৰ ঘঁৰিয়ালৰ চকুপানীৰ বাদে একো নহয় বুলি মন্তব্য কৰা দেখা গৈছে।

'কংগ্ৰেছৰ চৰকাৰ থাকোতে বিজেপিয়ে এনে প্ৰতিবাদ জনাইছিল, ভাৰত বন্ধ, অসম বন্ধৰ আহ্বান জনাইছিল। বিজেপিয়ে ঘঁৰিয়ালৰ চকুলো টুকি গাদী পালে। গাদী এৰি এইবাৰ কংগ্ৰেছে ভাওনা পাতিছে।'-বিজেপিৰ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে গৰুগাড়ীত উঠি ২০১৪ৰ পূৰ্বে সাব্যস্ত কৰা প্ৰতিবাদৰ ফটো পোষ্ট কৰি এই মন্তব্য কৰিছে এজন নেটিজেনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in