বিজয়া দশমীৰ আনন্দ উল্লাহৰ মাজতে গুৰুজনাৰ নাম-প্ৰসঙ্গৰে মুখৰিত বামুণীমৈদাম, চাওক VIDEO…

বিজয়া দশমীৰ আনন্দ উল্লাহৰ মাজতে গুৰুজনাৰ নাম-প্ৰসঙ্গৰে মুখৰিত বামুণীমৈদাম, চাওক VIDEO…

ডিজিটেল ডেস্কঃ এফালে বিজয়া দশমী আৰু আনফালে গুৰুজনাৰ ৫৭১ সংখ্যক আৰ্বিভাৱ তিথিৰ উপলক্ষে সমগ্ৰ ৰাজ্যত মঙলবাৰৰ দিনটোত দেখা গৈছে উলহ মালহ পৰিৱেশ। গুৱাহাটী মহানগৰীত গুৰুজনাৰ ৫৭১ সংখ্যক আৰ্বিভাৱ তিথিতকৈ দেৱীৰ বিজয়া দশমীক লৈ অধিক লোক ব্যস্ত থকাৰ সময়তে বামুনীমৈদাম জ্যোতিনগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ সমাজৰ উদ্যোগত ৩ দিনীয়াকৈ আয়োজন কৰা আৰ্ৱিভাৱ মহোৎসৱত গুৰুৰ নাম-প্ৰসংগৰে মুখৰিত হল সমগ্ৰ অঞ্চল।

মঙলবাৰে পুৱাই উৰ্ষা কীত্তনেৰে আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী। পুৱা ৯.৩০ বজাত ভাগৱত লৈ এক শোভাযাত্ৰা উলিয়ায় আয়োজক সমিতিয়ে। প্ৰায় ২ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভাগ লয় এই শোভাযাত্ৰা কাৰ্যসূচীত।

দিনৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ পাচত সন্ধিয়া ৮ বজাত বিপ্ৰ দামোদৰ ভাওনা প্ৰদৰ্শন হব। এই ভাওনাত উদ্বোধনৰ সময়ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ভাওনাখনিৰ উদ্বোধন কৰিব জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in